স্প’ৰ্টছ ডেস্ক: দীঘলীয়া অপেক্ষাৰ পিছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2025 ৰ মেগা নিলাম অৱশেষত 24 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱৰ জেদ্দাত আৰম্ভ হয় ।
নিলামৰ প্ৰথমদিনা মুঠ 72 গৰাকী খেলুৱৈক 12 টা পৰ্যায়ত দলসমূহৰ সৈতে চুক্তিবদ্ধ কৰা হয় ৷ ঋষভ পন্ত, শ্ৰেয়ছ আয়াৰ আৰু ভেংকটেশ আয়াৰৰ দৰে একাংশ ভাৰতীয় তাৰকা ক্ৰিকেটাৰ নিলামৰ সৰ্বাধিক দামী খেলুৱৈ হিচাপে বিবেচিত হয় ৷
শীৰ্ষ 3 সৰ্বাধিক দামী বেটছমেন
আশা কৰা অনুসৰিয়েই ফ্ৰেঞ্চাইজিবোৰে ঋষভ পন্তক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ ধনৰ বৰষুণ কৰা দেখা যায় ৷ অৱশেষত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে (এল এছ জি) ক্ৰিকেটাৰগৰাকীক 27 কোটি টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰে ৷ ইয়াৰ লগে লগে পন্ত হৈ পৰে আই পি এল ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈ ৷
𝗥𝗲𝗰𝗼𝗿𝗱-𝗯𝗿𝗲𝗮𝗸𝗶𝗻𝗴 𝗥𝗶𝘀𝗵𝗮𝗯𝗵 🔝
— IndianPremierLeague (@IPL) November 24, 2024
Snippets of how that Historic bidding process panned out for Rishabh Pant 🎥 🔽 #TATAIPLAuction | #TATAIPL | @RishabhPant17 | @LucknowIPL | #LSG pic.twitter.com/grfmkuCWLD
যোৱা বছৰ আই পি এলৰ খিতাপ বিজয়ী দলৰ অধিনায়ক শ্ৰেয়ছ আয়াৰক 26.75 কোটি টকাত পঞ্জাৱ কিংছে (পি বি কে এছ) ক্ৰয় কৰাৰ পিছত দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈৰূপে বিবেচিত হয় আয়াৰ ৷ আনহাতে, এই তালিকাৰ তৃতীয় স্তানত আছে ভেংকটেশ আয়াৰ ৷ আয়াৰক কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) 23.75 কোটি টকাত ক্ৰয় কৰে ।
অৰ্শদীপ আৰু চাহাল সৰ্বাধিক দামী বলাৰ
বলাৰসকলৰ ভিতৰত অৰ্শদীপ সিং (18 কোটি) আৰু যুজবেন্দ্ৰ চাহাল (18 কোটি) হৈছে নিলামৰ প্ৰথম দিনটোত পঞ্জাৱ কিংছৰ দ্বাৰা চুক্তিবদ্ধ সৰ্বাধিক দামী খেলুৱৈ ।
Presenting the 🔝 Buys at the end of Day 1⃣ of the Mega Auction!
— IndianPremierLeague (@IPL) November 24, 2024
Which one did you predict right 😎 and which one surprised 😲 you the most❓
Let us know in the comments below ✍️ 🔽#TATAIPLAuction | #TATAIPL pic.twitter.com/sgmL8tbI86
আই পি এল মেগা নিলামৰ প্ৰথম দিনটোত 10 টা দল, বাকী থকা স্লট আৰু ধনৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল:
1. চেন্নাই চুপাৰ কিংছ (চি এছ কে)
ধৰি ৰখা খেলুৱৈ: ৰুতুৰাজ গায়কোৱাড় (18 কোটি), ৰবীন্দ্ৰ জাদেজা (18 কোটি), মথিশা পাথিৰানা (13 কোটি), শিৱম ডুবে (12 কোটি), এম এছ ধোনী (4 কোটি)
খেলুৱৈ ক্ৰয়: ৰাহুল ত্ৰিপাঠী (3.40 কোটি), ডেভন কনৱে (6.25 কোটি), বিজয় শংকৰ (1.20 কোটি), ৰচিন ৰবীন্দ্ৰ (4 কোটি), ৰবিচন্দ্ৰন অশ্বিন (9.75 কোটি), নুৰ আহমেদ (10 কোটি), খলিল আহমেদ (4.80 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 15.60 কোটি
অৱশিষ্ট স্লট: 9 (বিদেশ - 4)
1️⃣2️⃣/2️⃣5️⃣ 🦁✅
— Chennai Super Kings (@ChennaiIPL) November 24, 2024
More to come! 🥳🤩#UngalAnbuden #SuperAuction 🦁💛 pic.twitter.com/3OyD0xio33
2. মুম্বাই ইণ্ডিয়ানছ (এম আই)
ধৰি ৰখা খেলুৱৈ: যশপ্ৰীত বুমৰাহ (18 কোটি), সূৰ্যকুমাৰ যাদৱ (16.35 কোটি), হাৰ্দিক পাণ্ডিয়া (16.35 কোটি), ৰোহিত শৰ্মা (16.30 কোটি), তিলক বাৰ্মা (8 কোটি)
খেলুৱৈ ক্ৰয়: ট্ৰেণ্ট ব'ল্ট (12.50 কোটি), নমন ধীৰ (5.25 কোটি), ৰবীন মিঞ্জ (65 লাখ)
বাকী থকা ধনৰ পৰিমাণ: 26.10 কোটি
অৱশিষ্ট স্লট: 16 (বিদেশ - 7)
Updated squad after 𝐃𝐚𝐲 𝟏 at 𝐉𝐄𝐃𝐃𝐀𝐇 🔥
— Mumbai Indians (@mipaltan) November 24, 2024
Meet our new buys: https://t.co/1sqMX2Q6x0#MumbaiMeriJaan #MumbaiIndians #TATAIPLAuction pic.twitter.com/O3bi67GHcq
3. ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)
ধৰি ৰখা খেলুৱৈ: বিৰাট কোহলী (21 কোটি), ৰজত পাতিদাৰ (11 কোটি), যশ দয়াল (5 কোটি)
খেলুৱৈ ক্ৰয়: জিতেশ শৰ্মা (11 কোটি), ফিলিপ চল্ট (11.50 কোটি), লিয়াম লিভিংষ্টোন (8.75 কোটি), ৰশ্বিখ ছালাম দাৰ (6 কোটি), সুয়াশ শৰ্মা (2.60 কোটি), জছ হেজলউড (12.50 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 30.65 কোটি
অৱশিষ্ট স্লট: 16 (বিদেশ - 5)
“Let’s be honest. RCB has never won the IPL and we’ve always gone with a strategy of spending a large amount of money on a small number of players. And we wanted to change that to build a more balanced squad this year.”
— Royal Challengers Bengaluru (@RCBTweets) November 24, 2024
Mo Bobat talks about our approach on Day 1 of the Tata IPL… pic.twitter.com/uwtx8ftWmR
4. কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)
ধৰি ৰখা খেলুৱৈ: ৰিংকু সিং (13 কোটি), বৰুণ চক্ৰৱৰ্তী (12 কোটি), সুনীল নাৰিন (12 কোটি), আন্দ্ৰে ৰাছেল (12 কোটি), হৰ্ষিত ৰাণা (৪ কোটি), ৰমনদীপ সিং (৪ কোটি)
ক্ৰয় কৰা খেলুৱৈ: অংকৃষ ৰঘুবংশী (3 কোটি), কুইণ্টন ডি কক (3.60 কোটি), ৰহমানুল্লাহ গুৰবাজ (3.60 কোটি), ভেংকটেশ আয়াৰ (23.75 কোটি), বৈভৱ অৰোৰা (1.80 কোটি), ময়ংক মাৰ্কণ্ডে (30 লাখ), অনৰিচ নৰ্টজে (6.50 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 10.05 কোটি
অৱশিষ্ট স্লট: 13 (বিদেশ - 3)
Done for Day One! ⏳ pic.twitter.com/MM2om2lU4N
— KolkataKnightRiders (@KKRiders) November 24, 2024
5. ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)
ধৰি ৰখা খেলুৱৈ: হেনৰিখ ক্লাসেন (23 কোটি), পেট কামিন্স (18 কোটি), অভিষেক শৰ্মা (14 কোটি), ট্ৰেভিছ হেড (14 কোটি), নীতিশ কুমাৰ ৰেড্ডী (6 কোটি)
ক্ৰয় কৰা খেলুৱৈ: অভিনৱ মনোহৰ (3.20 কোটি), অথৰ্ব টাইড (30 লাখ), ঈশান কিষাণ (11.25 কোটি), হৰ্ষল পেটেল (8 কোটি), ৰাহুল চাহাৰ (3.20 কোটি), চিমৰণজিৎ সিং (1.50 কোটি), মহম্মদ ছামী (10 কোটি), এডাম জাম্পা (2.40 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 5.15 কোটি
অৱশিষ্ট স্লট: 12 (বিদেশ - 4)
Day 1: Done & Dusted ✅
— SunRisers Hyderabad (@SunRisers) November 24, 2024
All set for for Day 2 in Jeddah 👀🧩#PlayWithFire #TATAIPL #TATAIPLAuction pic.twitter.com/xwDVckpyTc
6. ৰাজস্থান ৰয়েলছ (আৰ আৰ)
ধৰি ৰখা খেলুৱৈ: সঞ্জু চেমছন (18 কোটি), যশস্বী জয়ছোৱাল (18 কোটি), ৰিয়ান পৰাগ (14 কোটি), ধ্ৰুৱ জুৰেল (14 কোটি), চিমৰন হেটমেয়াৰ (11 কোটি), সন্দীপ শৰ্মা (4 কোটি)
ক্ৰয় কৰা খেলুৱৈ: আকাশ মাধৱাল (1.20 কোটি), কুমাৰ কাৰ্তিকেয়া (30 লাখ), ৱানিন্দু হাচাৰংগা (5.25 কোটি), মহেশ থিকশানা (4.40 কোটি), জোফ্ৰা আৰ্চাৰ (12.50 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 17.35 কোটি
অৱশিষ্ট স্লট: 14 (বিদেশ - 4)
Stumps on Day 1 👀
— Rajasthan Royals (@rajasthanroyals) November 24, 2024
🚨Purse Remaining: 17.35 Crores
🏴Jofra Archer | 12.5 Cr
🇱🇰Maheesh Theekshana | 4.4 Cr
🇱🇰Wanindu Hasaranga | 5.2 Cr
🇮🇳Akash Madhwal |1.2 Cr
🇮🇳Kumar Kartikeya Singh | 30L
Setting up nicely. Your thoughts? 💗
7. লক্ষ্ণৌ চুপাৰ জায়েণ্টছ (এল এছ জি)
ধৰি ৰখা খেলুৱৈ: নিকোলাছ পুৰাণ (21 কোটি), ৰবি বিষ্ণৈই (11 কোটি), ময়ংক যাদৱ (11 কোটি), মহছিন খান (4 কোটি), আয়ুষ বাডোনি (4 কোটি)
ক্ৰয় কৰা খেলুৱৈ: ডেভিড মিলাৰ (7.50 কোটি), এডেন মাৰ্ক্ৰাম (2 কোটি), আৰ্যন জুয়াল (30 লাখ), ঋষভ পন্ত (27 কোটি), আব্দুল চামাদ (4.20 কোটি), মিচেল মাৰ্শ (3.40 কোটি), আবেশ খান (9.75 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 14.85 কোটি
অৱশিষ্ট স্লট: 13 (বিদেশ – 4)
Day 1 haul ✅ pic.twitter.com/PvrNnopz67
— Lucknow Super Giants (@LucknowIPL) November 24, 2024
8. দিল্লী কেপিটেলছ (ডি চি)
ধৰি ৰখা খেলুৱৈ: অক্ষৰ পেটেল (16.50 কোটি), কুলদীপ যাদৱ (13.25 কোটি), ট্ৰিষ্টান ষ্টবছ (10 কোটি), অভিষেক পোৰেল (4 কোটি)
ক্ৰয় কৰা খেলুৱৈ: কৰুণ নায়াৰ (50 লাখ), হেৰী ব্ৰুক (6.25 কোটি), জেক ফ্ৰেজাৰ-মেকগুৰ্ক (9 কোটি), কে এল ৰাহুল (14 কোটি), সমীৰ ৰিজভি (95 লাখ), আশুতোষ শৰ্মা (3.80 কোটি), মিচেল ষ্টাৰ্ক (11.75 কোটি), মোহিত শৰ্মা (2.20 কোটি), টি নটৰাজন (10.75 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 13.80 কোটি
অৱশিষ্ট স্লট: 12 (বিদেশ - 4)
Rate today's business out of 10? 👀 pic.twitter.com/alHmIRDSLl
— Delhi Capitals (@DelhiCapitals) November 24, 2024
9. গুজৰাট টাইটানছ (জি টি)
ধৰি ৰখা খেলুৱৈ: ৰছিদ খান (18 কোটি), শুভমন গিল (16.50 কোটি), চাই সুদৰ্শন (8.50 কোটি), ৰাহুল তেৱাতিয়া (4 কোটি), শ্বাহৰুখ খান (4 কোটি)
ক্ৰয় কৰা খেলুৱৈ: কুমাৰ কুশাগ্ৰা (65 লাখ), অনুজ ৰাৱট (30 লাখ), জছ বাটলাৰ (15.75 কোটি), নিশান্ত সান্ধু (30 লাখ), মহিপাল লোমৰোৰ (1.70 কোটি), মানৱ সুথাৰ (30 লাখ), কাগিচো ৰাবাডা (10.75 কোটি), প্ৰসিদ্ধ কৃষ্ণা (9.50 কোটি), মহম্মদ চিৰাজ (12.25 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 17.50 কোটি
অৱশিষ্ট স্লট: 11 (বিদেশ - 5)
Mega Auction Day 1 done right! ✅#TitansFAM, what was your highlight of the day? #AavaDe | #TATAIPLAuction | #TATAIPL pic.twitter.com/40LqXGQluF
— Gujarat Titans (@gujarat_titans) November 24, 2024
10. পঞ্জাৱ কিংছ (পি বি কে এছ)
ধৰি ৰখা খেলুৱৈ: শশাংক সিং (5.5 কোটি), প্ৰভচিমৰণ সিং (4 কোটি)
ক্ৰয় কৰা খেলুৱৈ: নেহাল ৱাধেৰা (4.20 কোটি), শ্ৰেয়ছ আয়াৰ (26.75 কোটি), বিষ্ণু বিনোদ (95 লাখ), হৰপ্ৰীত ব্ৰাৰ (1.50 লাখ), গ্লেন মেক্সৱেল (4.20 কোটি), মাৰ্কাছ ষ্টইনিছ (11 কোটি), যশ ঠাকুৰ (1.60 কোটি), বিজয়কুমাৰ বৈচাখ (1.80 কোটি), অৰ্শদীপ সিং (18 কোটি), যুজবেন্দ্ৰ চাহাল (18 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 22.50 কোটি
অৱশিষ্ট স্লট: 13 (বিদেশ - 6)
Day 1⃣ set the tone, but there’s more to be 𝐛𝐚𝐢𝐥𝐞𝐝 out today! 🔥#SherSquad, what’s in store for Day 2️⃣? 🤔#IPL2025Auction #PunjabKings pic.twitter.com/q6m6uJymjq
— Punjab Kings (@PunjabKingsIPL) November 25, 2024
লগতে পঢ়ক: আই পি এল মেগা নিলাম 2025; প্ৰথম দিনা চুক্তিবদ্ধ হোৱা খেলুৱৈসকলৰ সম্পূৰ্ণ তালিকা...