তিনিচুকীয়া: অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত সংঘটিত হৈছে অঘটন । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰী দেওবাৰে পৰশুৰাম কুণ্ডত সন্ধানহীন হয় ৷ এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰে'ল বিভাগৰ তিনিচুকীয়া মণ্ডলত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ঘটনাৰ বিৱৰণি অনুসৰি এন এফ ৰে'লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীয়ে বিভাগীয় কাৰ্যসূচী হাতত লৈ যোৱা ২২ নৱেম্বৰত পত্নীসহ আহিছিল তিনিচুকীয়ালৈ ৷ তেওঁ শুকুৰবাৰৰ নিশা আন বিষয়াবৰ্গৰ সৈতে তিনিচুকীয়াত ৰে'লৱে দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰিছিল ।
ৰে'লৱে সূত্ৰই প্ৰকাশ কৰা মতে, সুৰক্ষা বিষয়াগৰাকীয়ে শনিবাৰে পুৱা পাছিঘাটলৈ বুলি ৰাওনা হয় । দেওবাৰে ডাম্বুক হৈ পত্নীসহ পৰশুৰাম কুণ্ডলৈ গৈ তাতে লোহিত নদীৰ পানীত পৰি সন্ধানহীন হয় । এই সমগ্ৰ ঘটনাটো তেওঁৰ পত্নীৰ সন্মুখতে সংঘটিত হয় । ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে তিনিচুকীয়া মণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক উত্তম প্ৰকাশ, জ্য়েষ্ঠ মাণ্ডলিক অভিযন্তা অঙ্কিত গুপ্তা আৰু জ্য়েষ্ঠ মাণ্ডলিক বিষয়া গোপাল মণ্ডল ঘটনাস্থলীলৈ ৰাওনা হয় ৷
পৰৱৰ্তী সময়ত ততাতৈয়াকৈ ঘটনাস্থলীত অৰুণাচল আৰক্ষী, ৰে'ল আৰক্ষী, এন ডি আৰ এফৰ এটা বাহিনীয়ে উদ্ধাৰ অভিযানত নামি পৰে যদিও বাতৰি যুগুত কৰা পৰলৈকে বিষয়াগৰাকীৰ কোনো সন্ধান পোৱা নাই ৷ উল্লেখ্য় যে পৰশুকুণ্ডৰ উক্ত লোহিত নদীখন যথেষ্ট খৰস্ৰোতা, সমান্তৰালভাৱে গভীৰতাও বেছি । প্ৰকাণ্ড প্ৰকাণ্ড শিলেৰে ভৰি থকা বাবে লোহিত নদীত উদ্ধাৰ অভিযান চলোৱাটো যথেষ্ট অসুবিধাৰ সৃষ্টি হয় অভিযানকাৰী দলৰ । ইয়াৰ পূৰ্বেও পৰশুৰামকুণ্ডত সংঘটিত হৈছে তেনে ঘটনা । ঘটনা সংঘটিত হোৱাৰ পাছত উদ্ধাৰ কৰাত ব্যৰ্থও হৈছে অভিযানকাৰী দল ।