নতুন দিল্লী:পশ্চিম লুধিয়ানা বিধানসভাৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জীৱ অৰোৰাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতে ৰাজনৈতিক মহলত এক নতুন বিষয়ে চৰ্চা লাভ কৰিছে ৷ সঞ্জীৱ অৰোৰা বিধায়ক হোৱাৰ লগে লগে খালী হ’ব ৰাজ্যসভাৰ এখন আসন ।
এনে পৰিস্থিতিত সঞ্জীৱ অৰোৰাৰ ঠাইত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৰাজ্যসভাৰ সাংসদ হৈ ৰাজ্যসভালৈ যাব পাৰে বুলি আৰম্ভ হোৱা জল্পনা-কল্পনা ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে ৷
অৱশ্যে আম আদমী পাৰ্টীয়ে সম্প্ৰতি এই জল্পনা-কল্পনা অস্বীকাৰ কৰিছে ৷ তথাপিও ৰাজনৈতিক বিশেষজ্ঞসকলে কয় যে, অৰবিন্দ কেজৰিৱালে যদি এই সুযোগ লাভ কৰে, তেন্তে এই পদক্ষেপে কেজৰিৱালৰ বাবে এক নতুন ৰাজনৈতিক পথ মুকলি কৰিব পাৰে ।
দিল্লী বিধানসভা নির্বাচনত হোৱা শোচনীয় পৰাজয়ৰ পাছত ৰাজ্যসভালৈ যোৱাটো কেজৰিৱালৰ বাবে কৌশলগত সিদ্ধান্ত বুলি প্রমাণিত হ’ব পাৰে ৷ যাৰ বাবে কেজৰিৱালে কেন্দ্রীয় ৰাজনীতিত সঠিকভাৱে সক্ৰিয় ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব ৷
দলৰ মুখপাত্ৰই কৰিলে স্পষ্ট:
আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে কয়, "অৰবিন্দ কেজৰিৱাল ৰাজ্যসভালৈ নাযায় । অৰবিন্দ কেজৰিৱালৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ সূত্ৰই পূৰ্বে কৈছিল যে তেওঁ পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ব । এতিয়া সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে যে তেওঁ ৰাজ্যসভাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব । এই দুয়োটা উৎস সম্পূৰ্ণ ভুল । অৰবিন্দ কেজৰিৱাল আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক । তেওঁৰ প্ৰয়োজনীয়তা অতি বেছি বুলি মই মানি লওঁ, কিন্তু তেওঁ কোনো এখন আসনত সীমাবদ্ধ নহয় ।"
পৰাজয়ৰ পিছত নতুন ৰাজনৈতিক বাজি: