যোৰহাট, 25 ফেব্ৰুৱাৰী:কংগ্ৰেছ দলৰ পৰা এতিয়া বহু নেতা ঢাপলি মেলিছে আন দললৈ ৷ তাৰ মাজতে চৰ্চালৈ আহিছে যোৰহাটৰ প্ৰতাপী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নাম ৷ নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি অগপ বা বিজেপিত অচিৰেই যোগ দিব বুলি বিভিন্ন মহলত শেহতীয়াভাৱে চৰ্চা চলি আছে ৷
দেওবাৰে যোৰহাটত দলত্য়াগ সন্দৰ্ভত মত ব্যক্ত কৰিছে ৰাণা গোস্বামীয়ে ৷ তেওঁ কয় যে কংগ্ৰেছ কোনো বিষয়-বাব তেওঁ ত্যাগ কৰা নাই বা দল ত্যাগৰ কথাও চিন্তা কৰা নাই ৷ বৰ্তমান তেওঁ উজনি অসমৰ দায়িত্বত আছে আৰু দলৰ হৈ তেওঁ কাম কৰি আছে ৷
তেওঁ লগতে কয় যে বৰ্তমান অগপ আৰু বিজেপিৰ মাজত তেওঁক লৈ টনা-আজোঁৰা লাগিছে ৷ এই টনা-আঁজোৰা দেখি তেওঁ উমান পাইছে নিজৰ শক্তিৰ ৷ দুয়োটা দলে তেওঁক সবল ৰাজনীতিক হিচাপে প্ৰতিষ্ঠা কৰাৰ আনন্দতে যোৱা ৰাতি দুগৰাহ ভাত বেছিকৈ খোৱা বুলিও কয় ৰাণা গোস্বামীয়ে ৷ তেওঁ লগতে কয় যে টনা-আঁজোৰা কৰি থাকিলেও তেওঁৰ বাহু সৱল, গতিকে কোনোফালেই তেওঁ নাহালে ৷