অসম

assam

টিকট নাপাই উপ-সভাপতি পদত্যাগ কৰিলে কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাই

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 5:40 PM IST

Assam Congress: যেন ৰাণা গোস্বামীৰ দৰেই ! প্ৰথমে এটা এটাকৈ দায়িত্ব ত্যাগ, তাৰ পিচত সাধাৰণ সদস্যপদ ত্যাগ ৷ এইবাৰ যেন প্ৰথমটো পৰ্যায় আৰম্ভ কৰিলে দ্বীজেন শৰ্মায়ো ৷ টিকট নাপাই বিষয়বাব ত্যাগ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

APCC vice president Dwijen Sharma
দ্বীজেন শৰ্মাৰ পদত্যাগ

গুৱাহাটী, ১২ মাৰ্চ : আঙুৰ টেঙা হ’ল জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বীজেন শৰ্মাৰ বাবে ৷ লোকসভাৰ টিকট নাপায় বুলি খাটাং হৈ কংগ্ৰেছৰ বিষয়বাব ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিৰ পদ ত্যাগ কৰিলে কংগ্ৰেছৰ বৰ্ষীয়ান নেতা দ্বীজেন শৰ্মাই ৷

উপ-সভাপতিৰ পদ ত্যাগ দ্বীজেন শৰ্মাৰ

আজি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি গৰাকীয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ ৷ দিল্লীত প্ৰায় চূড়ান্ত হোৱাৰ পথত কংগ্ৰেছৰ অসমৰ প্ৰাৰ্থী তালিকা ৷

উল্লেখ্য যে গুৱাহাটীৰ লোকসভা আসনৰ বাবে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নাম প্ৰায় নিশ্চিত হৈছে ৷ আনহাতে দ্বীজেন শৰ্মাও আছিল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৷ পিছে প্ৰাৰ্থীৰূপে কংগ্ৰেছ নেতৃত্বৰ বিবেচনালৈ নাহিল দ্বীজেন শৰ্মাৰ নাম ৷ সেয়ে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ আগতেই উপ-সভাপতিৰ পদ ত্যাগ কৰিছে দ্বীজেন শৰ্মাই ।

কংগ্ৰেছ দলে পূৰ্বে ৰাজ্যসভাৰ সাংসদৰূপে মনোনীত কৰিছিল দ্বীজেন শৰ্মাক ৷ উল্লেখযোগ্য যে বিজেপিয়ে নিজৰ প্ৰাৰ্থীৰূপে এগৰাকী মহিলা প্ৰাৰ্থীক গুৱাহাটীত প্ৰক্ষেপ কৰাৰ পিচত কংগ্ৰেছেও এগৰাকী দক্ষ আৰু বাকপটু প্ৰাৰ্থীৰূপে মীৰা বৰঠাকুৰক দিয়াটো নিশ্চিত হৈ পৰে ৷ সেয়ে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াত ক্ষুন্ন হৈ দ্বীজেন শৰ্মাই দলীয় পদ ত্যাগ কৰে ৷

উল্লেখ্য যে কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ উপৰিও এসময়ত এআইচিচিৰ সম্পাদকৰূপে দায়িত্ব বহন কৰিছিল দ্বীজেন শৰ্মাই ৷ বৰ্তমান এপচিচিৰ উপ-সভাপতি আৰু মুখপাত্ৰৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল লোকসভাৰ টিকট নোপোৱাটো নিশ্চিত হোৱাৰ পিচত পদত্যাগ কৰা দ্বীজেন শৰ্মাই । অৱশ্যে এতিয়ালৈকে কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰা নাই দ্বীজেন শৰ্মাই ।

লগতে পঢ়ক:দুখ পাইছে ৰাজু চাহুৱে: মাছে-মাংসই খাই লুৰীণজ্যোতিক টিকটটো দি দিব নালাগিছিল !

ABOUT THE AUTHOR

...view details