লখিমপুৰ ,২৭ মাৰ্চ:মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা সলাই দিব ভূপেন বৰাই । আজি লখিমপুৰত আয়োজিত এক সংবাদমেলত এইদৰে হুংকাৰ দিয়ে অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই । বুধবাৰে লখিমপুৰত এক সংবাদমেলত এইদৰে মন্তব্য় কৰি ভূপেন বৰাই কয়," কিছুদিনৰ পৰা মুখ্যমন্ত্রীয়ে পেংলাই কৰি আহিছে । মোক বিজেপিত যোগদান কৰোৱাৰ কথা কৈ আছে । কিন্তু মুখ্যমন্ত্রীৰ ঠিকনা মই সলাই দিম । হিমন্ত বিশ্ব শৰ্মাইহে হাতৰ প্ৰতীক বিচাৰি আহিব । তেওঁক হাতৰ প্ৰতীক দিম নে নাই ঠিক নাই । সেয়া দলৰ শীর্ষ নেতৃত্বই সিদ্ধান্ত ল'ব ।"
উল্লেখ্য যে বিগত কিছুদিন ধৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ২০২৫ ত ভূপেন বৰা বিজেপিলৈ আহিব বুলি বিভিন্ন স্থানত সজোৰে ঘোষণা কৰি আহিছে । বুধবাৰে লখিমপুৰত ইয়াৰে প্ৰত্যুত্তৰ হিচাপে ভূপেন বৰাই এইদৰে কয় । জিলা কংগ্রেছৰ কাৰ্যালয়ত আয়োজিত এই সংবাদমেলখনত তেওঁ পুনৰ কয় ,"২০২৪ত তেওঁ মুখ্যমন্ত্রী হৈ নাথাকে । ঠিকনা সলনি হ'ব । তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে । আৰ এছ এছৰ টেবুলত, গৃহমন্ত্ৰীৰ টেবুলত তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ পৰি আছে । এনে দুৰ্নীতিৰ অভিযোগৰ বাবে কৰ্ণাটক, হাৰিয়ানা, ত্ৰিপুৰা আদিৰ মুখ্যমন্ত্রীক সলনি কৰা হৈছে । একেই অভিযোগ থকা হিমন্ত বিশ্ব শৰ্মাৰো চকী যাব । তেতিয়া তেওঁ পুৰণি প্ৰতীক বিচাৰি আহিব । "