তিনিচুকীয়া, ৯ এপ্ৰিল :নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মঙলবাৰে সন্ধিয়া তিনিচুকীয়াত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । তিনিচুকীয়াত মন্ত্ৰীগৰাকীয়ে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ৷ তিনিচুকীয়াৰ বৰগুৰিস্থিত চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণৰ খেলপথাৰত গৃহমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে অৱতৰণ কৰিব । তাৰ পিচত বাইপাছেৰে গেলাপুখুৰী পথ হৈ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত তেওঁ উপস্থিত হ'ব ৷
চলিহা নগৰ খেলপথাৰৰ পৰা প্ৰায় ৫ হাজাৰ লোকৰ উপস্থিতিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথেৰে ৰোড শ্ব' আৰম্ভ কৰি থানা চাৰিআলিত সামৰণি পৰিব । অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে অমিত শ্বাহৰ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে ৷ ৰোড শ্ব'ৰ সময়ত পথৰ দুয়োকাষে বিভিন্ন জাতি-জনগোষ্ঠীৰৰ সাংস্কৃতিক দলে কাৰ্যসূচী পৰিৱেশন কৰি থকাৰ লগতে প্ৰায় ১৫ হাজাৰ লোক উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাব বুলি মন্ত্ৰী সঞ্জয় কিষাণে অৱগত কৰে ।