অসম

assam

ETV Bharat / politics

কংগ্ৰেছ অবিহনেই চলি থাকিব ‘অসম’: এইবাৰ সভাপতি অজিত কুমাৰ ভূঞা

ভংগ নহয় অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসম’ । কংগ্ৰেছ অবিহনেই বৰ্তি থাকিব অসম সন্মিলিত মৰ্চা । অজিত ভূঞাক সভাপতি মনোনীত ৷

ASSAM BY POLLS
কংগ্ৰেছ অবিহনেই চলি থাকিব ‘অসম’ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 6 hours ago

গুৱাহাটী: কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলৰে গঠন হোৱা পূৰ্বৰ বিৰোধী ঐক্য মঞ্চ আৰু বৰ্তমানৰ অসম সন্মিলিত মৰ্চা কংগ্ৰেছ অবিহনেই চলি থাকিব । এই কথা সদৰী কৰিলে অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে । পাঁচটা সমষ্টিৰ ভিতৰত বিহালী সমষ্টিৰ উপ-নিৰ্বাচনক লৈ অসম সন্মিলিত মৰ্চাৰে কংগ্ৰেছৰ মতান্তৰ হৈছিল ।

কংগ্ৰেছে অসম সন্মিলিত মৰ্চাৰ পৰামৰ্শ নস্যাৎ কৰি বিহালীৰ বাবে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে সংঘাত তীব্ৰতৰ হৈ পৰে । যোৱানিশা কংগ্ৰেছ দলে মিত্ৰদলসমূহক অন্ধকাৰত ৰাখি বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম ঘোষণা কৰে ।

কংগ্ৰেছ অবিহনেই চলি থাকিব ‘অসম’ (ETV Bharat)

ইয়াৰ পাছতেই বৃহস্পতিবাৰে গুৱাহাটীৰ এখন হোটেলত কংগ্ৰেছক বাদ দি অসম সন্মিলিত মৰ্চাৰ বাকী দলসমূহ এক জৰুৰী বৈঠকত মিলিত হয় । মৰ্চাৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈকে ধৰি মৰ্চাৰ বাকী অংশীদাৰ দলসমূহৰ নেতৃত্বই বৈঠকত অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "অসমত কংগ্ৰেছ অবিহনেও 'অসম' থাকিব । অসম মিত্ৰজোঁট থাকিব । চৰকাৰখনৰ বিৰুদ্ধে থকা আমাৰ সংগ্ৰাম অব্যাহত থাকিব । সাম্প্ৰদায়িক বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰাৰ বাবে আমি ঐক্যবদ্ধ হৈছিলো । সেই স্থিতিত আমি আজিও অটল হৈ আছো । বিজেপিক প্ৰতিহত কৰাৰ বাবে ২০২৬ লৈ আমি আমাৰ যাত্ৰাটো অব্যাহত ৰখিব খুজিছিলো । কিন্তু কংগ্ৰেছ দলে বিশ্বাসঘাতকতা কৰিলে, প্ৰত‍াৰণাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে ।’’

‘‘তেওঁলোকে পাঁচজনীয়া সমিতিয়ে প্ৰাৰ্থী সন্দৰ্ভত দিয়া সিদ্ধান্তই চূড়ান্ত হ'ব বুলি কৈছিল । কিন্তু তেওঁলোকে সেয়া গ্ৰহণ নকৰি শেষ মুহূৰ্তত অসৌজন্যমূলক তথা একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিলে । কংগ্ৰেছে প্ৰতাৰণাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে । ইয়াৰ দ্বাৰ আন দলৰ প্ৰয়োজনীয়তা নাই বুলি কংগ্ৰেছে বুজাব বিচাৰিছে ।’’ তেওঁ লগতে কয় ৷

লগতে পঢ়ক:তেওঁলোকে পাঁচজনীয়া সমিতিৰ কথাও নাৰাখিলে: লুৰীণজ্যোতি গগৈ

লুৰীণজ্যোতি গগৈয়ে আৰু কয়, ‘‘আহি থকা দিনবোৰত কংগ্ৰেছ অবিহনে 'অসম' থাকিব, সেইটো স্পষ্ট । উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা চি পি আই এম এল দলে প্ৰাৰ্থী দিব । বিহালীৰ পৰাই দলটোৱে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিব । বৰ্তমান অসম সন্মিলিত মৰ্চাৰ হৈ বিহালীৰ পৰা চি পি আই এম এল দলে প্ৰাৰ্থী দিব । বাকী সমষ্টিৰ ক্ষেত্ৰত কি হ'ব, কাক সমৰ্থন কৰা হ'ব সেই সন্দৰ্ভত আমাৰ আলোচনা হ'ব ।’’

সংবাদমেলত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, ‘‘বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰেই বিৰোধী ৰাজনৈতিক দলৰে বিৰোধী ঐক্য মঞ্চ গঠন কৰা হৈছিল । পাছত ইয়াৰ নাম সলনি কৰি অসম সন্মিলিত মৰ্চা কৰা হয় । যি লক্ষ্যৰে অসম সন্মিলিত মৰ্চা গঠন হৈছিল সেই লক্ষ্যত আমি আজিও অটল হৈ আছো । কংগ্ৰেছ দলে বিশ্বাসঘাতকতা কৰিলেও অসম সন্মিলিত মৰ্চা থাকিব ।’’

এই বৈঠকতেই অসম সন্মিলিত মৰ্চাৰ নতুন সভাপতি হিচাপে সৰ্বসন্মতি ক্ৰমে সাংসদ তথা জাতীয় দল অসমৰ সভাপতি অজিত কুমাৰ ভূঞাৰ নামটো গ্ৰহণ কৰা হয় । সেইদৰে দুজন কাৰ্যকৰী সভাপতি নিৰ্বাচিত কৰা হৈছে । অসম সন্মিলিত মৰ্চাৰ নতুন দুজন কাৰ্যকৰী সভাপতি হৈছে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰ । লুৰীণজ্যোতি গগৈ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকিব । সংবাদমেলত অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ দলসমূহৰ নেতৃত্ব উপস্থিত আছিল ।

লগতে পঢ়ক:হাৰিয়ানা নিৰ্বাচনৰ পৰা শিক্ষা নল'লে ২০২৬ ত অসমতো মুখ থেকেচা খাব কংগ্ৰেছে: অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details