অসম

assam

ETV Bharat / politics

কেৱল গৌৰৱ গগৈ কংগ্ৰেছী, বাকী সকলো হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি আছে : কৰিম উদ্দিন বৰভূঞা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Nagaon LS Seat : গৌৰৱ গগৈক বাদ দি বাকী সকলো বিজেপি বুলি অভিযোগ এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ৷ ধুবুৰীত অসমৰ ভিতৰত আটাইতকৈ কম ভোট ৰকিবুল হুছেইনে লাভ কৰিব বুলিও কয় তেওঁ ৷

Nagaon LS Seat
গৌৰৱ গগৈক বাদ দি সকলো বিজেপি বুলি অভিযোগ কৰিম উদ্দিন বৰভূঞাৰ

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 6:27 PM IST

কংগ্ৰেছক সমালোচনা এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ

নগাঁও, 3 এপ্ৰিল : "নগাঁৱত বিজেপিৰ সৈতে এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হ’ব প্ৰতিদ্বন্দ্বিতা ৷ কংগ্ৰেছ তৃতীয় স্থানত থাকিব ৷ কেৱল গৌৰৱ গগৈ কংগ্ৰেছী, বাকী সকলো হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি আছে ৷" এই মন্তব্য এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ৷ বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী অমিনুল ইছলামৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে আই ইউ ডি এফৰ বিধায়কজনে ৷

বিধায়ক কৰিম উদ্দিন বৰভূঞাই গৌৰৱ গগৈক বাদ দি সকলো বিজেপি বুলি অভিযোগ কৰে ৷ গৌৰৱ গগৈয়ে নিৰ্বাচনত জয়লাভ কৰাটো কামনা কৰা বুলি উল্লেখ কৰি বৰভূঞাই কয় যে, কেৱল গৌৰৱ গগৈ কংগ্ৰেছী, বাকী সকলো হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি আছে ৷ ইফালে ভূপেন বৰা কংগ্ৰেছী হয় নে নহয় বুলি সাংবাদিকে প্ৰশ্ন কৰাত এ আই ইউ ডি এফৰ বিধায়কজনে "ভূপেন বৰাৰ তাৰিখেই ফিক্সড হ’ল, তেওঁৰ তাৰিখ মুখ্যমন্ত্ৰীয়ে জনালে" বুলি মন্তব্য কৰে ৷

আনহাতে নগাঁও লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থীজন দুই লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি কয় কৰিম উদ্দিন বৰভূঞাই ৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থীজনৰ লগতহে এ আই ইউ ডি এফৰ প্ৰাৰ্থীজনৰ প্ৰতিদ্বন্দ্বিতা হ’ব, কংগ্ৰেছ তৃতীয় স্থানত থাকিব বুলিও দাবী কৰে তেওঁ ৷ ইফালে নগাঁৱত বিজেপিৰ দুজন প্ৰাৰ্থী বুলি উল্লেখ কৰি সুৰেশ বৰা প্ৰদ্যুৎ বৰদলৈ একেই বুলি মন্তব্য কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাই ৷

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এ আই ইউ ডি এফ বিধায়কজনে কয়- "তেওঁ ৰাজ্যসভালৈ যাবৰ কাৰণে এটা গেম ফিক্সড কৰিছে ৷ তেওঁ যদি নগাঁৱত সুৰেশ বৰাক জিকাই দিব পাৰে তেতিয়া তেওঁ ৰাজ্যসভা পাব ৷ মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ এইটো কন্ট্ৰেক্ট, সকলোৱে জানে ৷ গৌৰৱ গগৈক বাদ দি সকলো কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ লগত এক কন্ট্ৰেক্টট আৱদ্ধ হৈছে ৷"

বিধায়ক কৰিম উদ্দিন বৰভূঞাই লগতে কয় যে, কংগ্ৰেছে এগৰাকী মিঞা প্ৰাৰ্থী হিচাপে বিধায়ক নুৰুল হুদাক নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাবে মনোনীত কৰাহেতেন এ আই ইউ ডি এফে প্ৰাৰ্থী নিদিলেহেতেন ৷ সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতা থকা নগাঁও লোকসভা সমষ্টিৰ পৰা এগৰাকী মিঞা সাংসদ নিৰ্বাচিত হোৱাটো এ আই ইউ ডি এফে বিচাৰে ৷ যাৰ বাবে অমিনুল ইছলামক দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি দাবী কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাই ৷ লগতে ধুবুৰীত অসমৰ ভিতৰত আটাইতকৈ কম ভোট ৰকিবুল হুছেইনে লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাই ৷

লগতে পঢ়ক :চান্দা সংগ্ৰহ কৰা ভাল কিন্তু নিয়ম মতে ল’ব লাগিব : ভূপেন বৰাক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details