অসম

assam

পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু : অতুল বৰা - Executive meeting of AGP

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 5:48 PM IST

AGP remarks on alliance: অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়োৱাৰ পাচতেই মিত্ৰদল অগপৰ তৎপৰতা । পঞ্চায়ত নিৰ্বাচন বিজেপিয়ে অকলে খেলিব বুলি মুখ্যমন্ত্রীয়ে কৰা ঘোষণাৰ পাচতে জৰুৰীভাৱে আহ্বান অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক । দলৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক দলীয় নেতৃত্বৰ । বিজেপিয়ে অকলে খেলিলে অগপয়ো অকলে নিৰ্বাচন খেলিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে দলীয় নেতৃত্বই ।

ETV Bharat Assam
আমবাৰীত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

গুৱাহাটী, 6 আগষ্ট: আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাচতে বিশেষভাৱে তৎপৰ হৈ পৰিছে মিত্রদল অগপ । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পাচতে 2026 ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । অগপই বিজেপিৰে সৈতে মিত্রতাত থাকি শেহতীয়া নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে যদিও শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন দলে অকলেই খেলিব বুলি ঘোষণা কৰাৰ পাচতে অগপৰ ভিতৰচ'ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আমবাৰীত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

মুখ্যমন্ত্রীৰ ঘোষণাৰ পাচতে মঙলবাৰে অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলটোৰ ভাতৃ-ভগ্নী সংগঠন অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম মহিলা পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । তিনিটাকৈ সংগঠনৰ পৃথকে পৃথকে অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলীয় শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে । ৰুদ্ধদ্বাৰ বৈঠকত পাঁচ সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ উপৰি 2026 ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিতং আলোচনা কৰা হয় । পঞ্চায়ত নিৰ্বাচনত মিত্রদল বিজেপিয়ে অকলে অৱতীৰ্ণ হ'লে অগপৰ স্থিতি তথা ৰণকৌশল কেনে হোৱা উচিত তাক লৈও আলোচনা কৰা হয় ।

আমবাৰীত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

অগপৰ কাৰ্যালয়ত অনুষ্ঠিত দলৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ বৈঠকত দলীয় নেতৃত্বই কেতবোৰ নিৰ্দেশনাও প্ৰদান কৰে । বৈঠকত সভাপতি অতুল বৰাই বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'লে অগপয়ো অকলে নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন খেলিব বুলি সদৰী কৰে ।

মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত কয়, "অসমৰ মাটিত অসম গণ পৰিষদ শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা । দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে অধিক ক্ষীপ্ৰতাৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আগন্তুক নিৰ্বাচনসমূহক লৈ ভাতৃ-ভগ্নী সংগঠনসমূহো শক্তিশালী কৰিবলৈ চেষ্টা কৰা হৈছে । আগতেও পঞ্চায়ত নিৰ্বাচন আমি অকলে খেলিছিলো । মিত্ৰতাক লৈ অৱশ্যে আমি এতিয়ালৈকে কথা পতা নাই । কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু । বঙাইগাঁৱত এইবাৰ পূৰ্বতকৈ অধিক ভোটত জিকিম । 25 আগষ্টৰ পৰা সপ্তাহজুৰি সমগ্ৰ ৰাজ্যত অগপৰ বুথ সন্মিলন অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে 19 আগষ্টৰ পৰা তিনিদিনীয়া ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হ'ব ।"

আমবাৰীত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

গুৱাহাটীৰ কৃত্রিম বানপানীৰ প্ৰসংগত বৰাই কৃত্ৰিম বানৰ বাবে চৰকাৰে কৰিবলগীয়া কাম কৰি আছে বুলি উল্লেখ কৰে ।

আনহাতে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই সন্দৰ্ভত কয়, "31 আগষ্টৰ ভিতৰত অগপৰ বহু কাৰ্যসূচী আছে।উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে অগপই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব । পঞ্চায়ত নিৰ্বাচনৰ বাবে দল সাজু ।"

কৃত্ৰিম বানৰ প্ৰসংগত মহন্তই কয়, "কালি মোৰ ঘৰৰ কাষত নাও চলিছে । পৰৱৰ্তী সময়ত দুৰৱস্থাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম ।"

ইফালে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সংবাদ মাধ্যমৰ আগত কয়, "দলে লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্রত দলৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ যথেষ্ট দায়িত্ব আছে । সেই দায়িত্ব পালনৰ ক্ষেত্রত নিৰ্দেশনা দিয়াৰ বাবে আজিৰ এই বৈঠক । 2026 ৰ বিধানসভা নিৰ্বাচনলৈকে বিজেপিৰে মিত্রতা আছে । আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব । বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন খেলিলে আমিও অকলে খেলাৰ ব্যৱস্থা গ্ৰহণ কৰিম ।"

লগতে পঢ়ক:'২৬ লৈকে বিজেপিৰ সংগ নেৰে অগপই - Atul Bora Remarks On Alliance

অসমৰ বান সমস্যাক উপেক্ষা : পেকেজ বিচাৰি কেন্দ্ৰক দাবী জনাব অগপই - Flood assistance for Assam

উপ-নিৰ্বাচনক লৈ অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক : চৰ্চা পঞ্চায়ত নিৰ্বাচনক লৈও - Asom Gana Parishad

ABOUT THE AUTHOR

...view details