অসম

assam

ETV Bharat / politics

নিৰ্বাচনী কৌশল প্ৰস্তুতৰ বাবে কলিয়াবৰত অগপ-বিজেপিৰ যৌথ পৰিচালনা সমিতি - agp bjp joint managing committee

Lok Sabha elections 2024: কলিয়াবৰত অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভা । আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কলিয়াবৰৰ নাগশঙ্কৰত নিৰ্বাচনী ৰণকৌশল মিত্ৰজোঁটৰ । এই সভাতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী পীযুষ হাজৰীকা, অগপ-বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা¸ বিধায়ক জিতু গোস্বামী, অগপ দলৰ সম্পাদক মণিমাধৱ মহন্ত আদি ।

Alliance candidate Kamakhya Prasad Tasa
অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভা

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:50 PM IST

অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভা

কলিয়াবৰ, ১৯ মাৰ্চ :কলিয়াবৰত আজি অনুষ্ঠিত হয় অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভা । কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামৰ সভাকক্ষত অনুষ্ঠিত সভাখনত অগপৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতি আৰু বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে । আগন্তক লোকসভা নিৰ্বাচনত দুয়োটা দলে যৌথভাৱে কাম কৰিবৰ বাবে গঠন কৰা হয় অগপ-বিজেপিৰ যৌথ পৰিচালনা সমিতি ।

মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত যৌথ নিৰ্বাচনী সভাখনত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ লগতে দুয়ো দলৰ কেইবাগৰাকী নেতা । দুয়ো দলৰ শতাধিক কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাত আগন্তুক লোকসভা নিৰ্বাচনত একেলগে কাম কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় দল দুটাৰ নেতাসকলে । দুয়োটা দলৰ কৰ্মীৰ সমূহীয়া প্ৰচেষ্টাত কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা বিপুল ভোটত জয়ী হ'ব বুলি মন্তব্য় কৰি স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই কয়,"এই যৌথ সভাৰ জৰিয়তে নিৰ্বাচনী কৌশল তৈয়াৰ কৰিছো ।"

লোকসভা নিৰ্বাচনত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে কামাখ্যা প্ৰসাদ তাছাক বিজয়ী কৰোৱাৰ পণ লোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । আনহাতে, কংগ্ৰেছ আৰু বিজেপি মিত্ৰজোঁটে কাজিৰঙাত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা প্ৰসংগত চাহ বাগিচাৰ পৰিসৰ সাংসদীয় সমষ্টিৰ বাবে ফেক্টৰ নহয় বুলি কয় কামাখ্যা প্ৰসাদ তাছাই । কলিয়াবৰৰ প্ৰাক্তন সাংসদ গৌৰৱ গগৈকো সমালোচনা কৰে কামাখ্যা প্ৰসাদ তাছাই । তেওঁ কয়,"আমাৰ দলে জাত-পাতৰ ৰাজনীতি নকৰে । সকলো সম্প্ৰদায়, জাতি-ধৰ্ম নিৰ্বিশেষে ৰাইজৰ বাবে কাম কৰিব লাগিব । ৰাষ্ট্ৰ-ৰাজ্য ভাল কৰিব লাগিব । এই চিন্তাতহে আমি সমৰ্পিত । "

লগতে পঢ়ক:মুখ্যমন্ত্ৰীক কাষত লৈ 26 মাৰ্চত মনোনয়ন দাখিল কৰিব কামাখ্যা প্ৰসাদ তাছাই

ABOUT THE AUTHOR

...view details