ডিব্ৰুগড়, 10 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনক লৈ জমি উঠিছে ৰাজ্যৰ ৰাজনীতি । ডিব্ৰুগড় লোকসভা সমষ্টিত আগ্ৰাসী ৰূপত দেখা পোৱা গৈছে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক । শাসকীয় পক্ষৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ ৰণত নামিছে যুৱনেতা মনোজ ধানোৱাৰ ৷
ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত দলীয় সমৰ্থকসহ প্ৰচাৰ অভিযানত নামিছে আপৰ প্ৰাৰ্থীজন । দেওবাৰে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বাগিচা, হাট-বজাৰ আদিত আম আদমি পাৰ্টীয়ে প্ৰচাৰ অভিযান চলায় ।
প্ৰাৰ্থী মনোজ ধানোৱাৰক লগত লৈ দলীয় সমৰ্থকসকলে দীঘলীয়া সমদল বাহিৰ কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰপত্ৰ বিতৰণ কৰি আপৰ প্ৰাৰ্থীজনক আগন্তুক লোকসভা নিৰ্বাচনত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মনোজ ধানোৱাৰে মন্তব্য কৰে যে বিজেপিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়াৰ বাবে চাহ বাগিচাত বিজেপিৰ ভোট কৰ্তন হ’ব ।