গুৱাহাটী, ১৭ মাৰ্চ: দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগতে চাৰিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী ৰণলৈ সাজু হৈছে আম আদমি পাৰ্টী । দেওবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ মুঠ ২২ টা লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব । দিল্লীত ৪ খন, পঞ্জাবত ১৩ খন, গুজৰাটত ২ খন, অসমত ২ খন আৰু হাৰিয়ানাত ১ খন আসনত দলে প্ৰতিদ্বন্দ্বিতা কৰিব ।
অসমত পূৰ্বে ৩ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও দলৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ সিদ্ধান্তমৰ্মে বিৰোধী ঐক্যৰ স্বাৰ্থত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে । আপে শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত সফলতা লাভ কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিব ।
সংবাদমেলত দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এই দুটা সমষ্টিত আপৰ প্ৰাৰ্থীক সমৰ্থন জনাবলৈ পুনৰ কংগ্ৰেছ নেতৃত্বক আহ্বান জনায় । বিৰোধীৰ ভোট বিভাজন ৰোধ কৰি বিজেপিক পৰাজিত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আহ্বান জনায় ডেকাৰজাই । ইতিমধ্যে আম আদমি পাৰ্টিয়ে বিজেপিৰ বিৰুদ্ধে, উন্নয়নৰ সপক্ষে দেশৰ জনসাধাৰণক ৰায় দিবলৈ ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।