গুৱাহাটী, ৪ এপ্ৰিল:19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিচত 26 এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ লোকসভা নিৰ্বাচন ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে ১১৮ খন মনোনয়ন পত্ৰ দাখিল কৰিছে । আজি আছিল সমষ্টিকেইটাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৱা বুধবাৰে ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । দ্বিতীয় পর্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে এই মনোনয়ন দাখিল কৰা হৈছিল ।
বুধবাৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৫ গৰাকী, ডিফু লোকসভা সমষ্টিত ৩ গৰাকী, কৰিমগঞ্জ লোকসভা সমষ্টিত এগৰাকী, শিলচৰ লোকসভা সমষ্টিত দুগৰাকী আৰু নগাঁও লোকসভা সমষ্টিত দুগৰাকী প্ৰার্থীয়ে বুধবাৰৰে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইপিনে আজি মুঠ ৩৮গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।