নিউজ ডেস্ক, 26 এপ্ৰিল:আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যটো আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । আজি ৰাজ্যৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । পুৱাৰে পৰা ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে ।
শিলচৰ লোকসভা সমষ্টি:
শিলচৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে 7 টা বিধানসভা সমষ্টি আৰু এই সমষ্টিকেইটা হ’ল শিলচৰ, ধলাই, লক্ষীপুৰ, কাটিগড়া, উধাৰবন্ধ, বৰখলা আৰু সোনাই । শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে 8 জন প্ৰাৰ্থীয়ে । প্ৰাৰ্থীসকল হ’ল বিজেপিৰ পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস, SUCI(C) পাৰ্টিৰ প্ৰভাস চন্দ্ৰ সৰকাৰ, বাঙালি নৱনির্মাণ সেনাৰ বাৰীন্দ্র দাস । বহুজন মহাপাৰ্টিৰ ৰাজীৱ দাস । নির্দলীয় প্ৰাৰ্থী ৰাজু দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী অনন্ত মোহন ৰয় ।
এইবাৰ শিলচৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল 13 লাখ 51 হাজাৰ 496 ৷ ইয়াৰ মাজত পুৰুষ ভোটাৰৰ সংখ্যা হল 6 লাখ 76 হাজাৰ 331 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল 6 লাখ 75 হাজাৰ 141 জন ৷ লগতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হ’ল 24 জন । এইবাৰ নিৰ্বাচনৰ বাবে শিলচৰত মুঠ 1551 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই ভোটকেন্দ্ৰবোৰৰ ভিতৰত 210 টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত । ইয়াৰ মাজত স্পৰ্শকাতৰ ভোটকেন্দ্ৰ 135 টা বুলি জানিব পৰা গৈছে ।
আনহাতে, আইন-শৃংখলা পৰিস্থিতি চোৱা চিতাৰ বাবে ভোটকেন্দ্ৰসমূহত মোতায়ন কৰা হৈছে আৰক্ষী । ইপিনে, পুৱাই ভোটদান কৰিলে শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই । ধলাই বিধানসভাৰ ১১৮নং আইৰংমাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটদান কৰিলে পৰিমল শুক্লবৈদ্যই ৷ পুৱা ঘৰত পূজা অৰ্চনা কৰি ঘৰ কাষতে থকা ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই ।
9 নং নগাঁও লোকসভা সমষ্টি:
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে 9 নং নগাঁও লোকসভা সমষ্টিৰ বিধানসভা সমষ্টিৰ ডেকাগাঁও প্ৰাথমিক বিদ্যালয়ত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও, জাগীৰোড, লাহৰীঘাট বিধানসভা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত পুৱা সাত বজাৰ পূৰ্বেই ভোটাৰৰ ভিৰ দেখিবলৈ গৈছে ।
নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 18 লাখ 17 হাজাৰ 204 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 9 লাখ 14 হাজাৰ 479 টা । মহিলা ভোটাৰৰ সংখ্যা হৈছে 9 লাখ 2 হাজাৰ 643 টা । নগাঁও লোকসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 82 টা ।