অসম

assam

ETV Bharat / photos

গ্ৰীষ্মকালত পিন্ধক এনেধৰণৰ শাৰী, আকৰ্ষণীয় দেখাৰ লগতে হ’ব আৰামদায়ক - summer sarees for women

Saree in Summer: অধিকাংশ মহিলাই গ্ৰীষ্মকালত শাৰী পিন্ধিবলৈ ভাল নাপায় । বহুতে ভাবে যে শাৰীয়ে তেওঁলোকক আৰামদায়ক অনুভৱ কৰাব নোৱাৰে । কিন্তু আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে এনে কেইখনমান শাৰীৰ বিকল্প লৈ আহিছো যি গ্ৰীষ্মকালতো পৰিধান কৰিবৰ বাবে একেবাৰে উত্তম । ইয়াৰ দ্বাৰা আপুনি ষ্টাইলিছৰ লগতে আৰামদায়কো অনুভৱ কৰিব । (Wear these sarees in summer, you will look beautiful and also feeling comfortable)

By ETV Bharat Assamese Team

Published : May 21, 2024, 4:57 PM IST

পীচ ৰঙৰ কটন শাৰীখনত বিদ্যা বালনক খুবেই শুৱনি লাগিছে ৷ তেওঁৰ এই লুকটো গ্ৰীষ্মকালৰ বাবে একেবাৰেই উপযুক্ত। (INSTAGRAM)
দীপিকাৰ ক্ৰাশ্বড জৰ্জেট শাৰীৰ এই লুকটো গ্ৰীষ্মকালৰ বাবে খুবেই এক এলিগেন্ট লুক আপুনিও এই লুক অনুসৰণ কৰিব পাৰে ৷ (INSTAGRAM)
অভিনেত্ৰী সুৰভি দাসে পৰিধান কৰা এই গুলপীয়া শ্বিফন শাৰীৰ লুক সঁচাকৈ আকৰ্ষণীয় ৷ শ্বিফন শাৰী গ্ৰীষ্মকালৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ৷ (INSTAGRAM)
জাহ্নৱী কাপুৰৰ ফ্লাৱাৰ প্ৰিন্টেড জৰ্জেট শাৰীৰ লুক খুবেই সুন্দৰ লাগিছে ৷ এই বতৰত যদি আপুনি এনেধৰণৰ শাৰী পিন্ধে তেন্তে হয়তো আপুনি কম গৰম অনুভৱ কৰিব। (INSTAGRAM)
প্লেইন এলবো লেংথ ডিপ ভি নেক ব্লাউজৰ সৈতে আলিয়াক খুবেই সুন্দৰ দেখা গৈছে গ্ৰীষ্মকালত আপুনিও এনেধৰণ শাৰী পৰিধান কৰিব পাৰে ৷ (INSTAGRAM)
কমলা ৰঙৰ অৰ্গেনজা শাৰী পিন্ধি অদিতি ৰাও হাইদাৰীক খুব ধুনীয়া দেখা গৈছে । তেওঁৰ শাৰীৰ আচলত এম্ব্ৰয়ডাৰীৰে সজাই তোলা হৈছে । (INSTAGRAM)
কৃতি চেননে পৰিধান কৰা নানাৰঙী প্ৰিন্টেড শাৰী গৰমৰ দিনত খুবেই আৰামদায়ক হয় ৷ সেয়ে উৎকট গৰমৰ দিনত আপুনিও এই শাৰী পৰিধান কৰিব পাৰে ৷ (INSTAGRAM)
সোনাক্ষী সিনহাই পৰিধান কৰা নীলা ৰঙৰ কটন এই চেকেৰেড শাৰী গ্ৰীষ্মকালৰ বাবে এক উত্তম বিকল্প ৷ নীলা ৰং গৰমৰ দিনত খুবেই আকৰ্ষণীয় দেখি ৷ (INSTAGRAM)

ABOUT THE AUTHOR

...view details