শেহতীয়াকৈ অসমলৈ আহিছিল অভিনেত্ৰী তামান্না ভাটিয়া ৷. মা কামাখ্যাৰ দৰ্শন কৰিবলৈ অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰলৈ আহিছিল অভিনেত্ৰীগৰাকী ।. মা কামাখ্যা মন্দিৰৰ পৰা অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুকেইখন ছবি ৷. নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিসমূহত অভিনেত্ৰীগৰাকীয়ে হালধীয়া চুট আৰু ৰঙা চুন্নী পৰিধান কৰা দেখা গৈছে ।. এখন ফটোত অভিনেত্ৰীগৰাকীয়ে হাতত ৰঙা টোপোলা লৈ মন্দিৰৰ চিৰিত বহি হাঁহি থকা দেখা গৈছে ।. ইয়াৰ লগতে কঁপালত ফোঁট আৰু ডিঙিত ফুলৰ মালাও পৰিধান কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।. সমগ্ৰ পৰিয়ালবৰ্গৰ সৈতে মা কামাখ্যা দৰ্শন কৰিবলৈ আহিছিল অভিনেত্ৰীগৰাকী ৷. তামান্না ভাটিয়াই শ্বেয়াৰ কৰা ফটোসমূহ অনুৰাগীয়ে খুব পছন্দ কৰিছে ৷