অসম

assam

ETV Bharat / photos

কামাখ্যা দৰ্শন কৰি অভিভূত হৈ পৰে মালয়ালম অভিনেত্ৰী সমযুক্তা মেনন - samyuktha menon instagram

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:39 AM IST

ইনষ্টাগ্ৰামত 2.9 মিলিয়ন ফ’লৱাৰেৰে অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তাৰ কথা অনুমান কৰিব পাৰিছে নিশ্চয় ৷ শেহতীয়াকৈ অসমত উপস্থিত হৈছিল জনপ্ৰিয় মালয়ালম অভিনেত্ৰী সমযুক্তা মেনন ৷ কামাখ্য মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰে তেওঁ ৷ চাওক ফটো-
জনপ্ৰিয় মালায়ালম অভিনেত্ৰী সমযুক্তা মেননৰ কামাখ্যা দৰ্শন ৷
নীলাচলৰ বুকুত ভক্তিভাৱত বিলীন হ’ল মালায়ালম অভিনেত্ৰী সমযুক্তা মেনন ৷
অভিনেত্ৰী সমযুক্তা মেননে কামাখ্যা দৰ্শনৰ সময়ত লগতে লৈ আছিল অসমীয়াৰ স্বাভিমান গামোচা ৷
ইনষ্টাগ্ৰামত কামাখ্যা দৰ্শনৰ ফটো আপলোড কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷
শিৰোনামত লিখিছে, "Her sacred womb, a sanctuary of unmatched emotions" ৷
2016 চনত পপকৰ্ণ ছবিৰে অভিনয় জীৱনৰ পাতনি মেলিছিল সমযুক্তা মেননে ৷
2023 চনত সমযুক্তাই সমতা, মানৱতা, প্ৰেমৰ কথা উল্লেখ কৰি নিজৰ উপাধি বাদ দিছিল ৷
অৰ্থনীতিত স্নাতক ডিগ্ৰী আছে অভিনেত্ৰীগৰাকীৰ ৷
অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টটো তেওঁৰ বহু আকৰ্ষণীয় ফটোৰে ভৰি আছে ৷
ফটোখনত গুলপীয়া ৰঙৰ শাৰীৰে অভিনেত্ৰীগৰাকীক মনোমোহা ৰূপত দেখা গৈছে ৷

ABOUT THE AUTHOR

...view details