অসম

assam

ETV Bharat / photos

বাৰ্চিলোনা-কাইৰোলৈ কিয় যাব লাগে ? মাজুলীলৈ আহক... - MAJULI

মাজুলী ৷ বাৰিষাৰ চকুলো আৰু এখন দলঙৰ অভাৱ ! এই দুটা গুৰুতৰ সমস্যা অলপ সময়ৰ বাবে আঁতৰাই যদি আপুনি মাজুলীলৈ এবাৰৰ বাবেও যায় তেন্তে আপোনাৰ অন্তৰাত্মা সঁচাকৈয়ে সুখ-প্ৰাপ্তি-আনন্দৰে ভৰি পৰিব ৷ চালে চকুৰোৱা বিশ্বৰ এই সৰ্ববিশাল নদীদ্বীপটোৰ কেইটামান নান্দনিক মুহূৰ্ত কেমেৰাত ধৰি ৰাখিছে মাজুলীৰ গড়মূৰ বৰবাৰী গাঁৱৰ দেৱযানী শইকীয়াই ৷ (LETS EXPLORE THE BEAUTY OF MAJULI: HERE ARE SOME BEAUTIFUL IMAGES OF THIS PLACE)

By ETV Bharat Lifestyle Team

Published : Jan 4, 2025, 5:22 PM IST

লুইতৰ বুকুত এনে এখন জাহাজ হয়তো আপুনিও দেখিছে ৷ কিন্তু সূৰ্যাস্তৰ সময়ত অফলামুখ ঘাটৰ এই জাহাজখনে লাজলাজকৈ যাবলৈ ওলোৱা বেলিটোক যেন বুকুতহে সাৱটি ৰাখিব ! (Debajani Saikia)
এই দিশে কেনি যায় ! মাজুলীৰ পৰা লখিমপুৰলৈ যাব পৰা এইখন দলং দুৰ্বল যেন লাগিলেও আবেলিৰ দৃষ্টিনন্দন পৰিৱেশটোলৈ মন কৰক ৷ সাধাৰণ হৈও অসাধাৰণ ৷ (Debajani Saikia)
স্পেইনৰ বাৰ্চিলোনা আৰু ইজিপ্তৰ কাইৰো হোনো অস্তগামী সূৰুযৰ হেঙুলীয়া আকাশৰ বাবে বিশ্ববিখ্যাত ৷ বাৰ্চিলোনা আৰু কাইৰোতকৈ কোনো গুণে কম নহয় মাজুলীৰ সূৰ্যাস্তৰ হেঙুলীয়া আকাশো ৷ (Debajani Saikia)
আকাশলৈকে চাব নে পানীলৈ ! যেনিয়েই চাই তেনিয়েই দৃষ্টিনন্দন দৃশ্য ৷ আকাশৰ পৰা যেন এইমাত্ৰ নামি আহিব বেলিটো ! আপোনাৰ স’তে যেন যাত্ৰী হ’ব বেলিও... (Debajani Saikia)
সাউদৰ পুতেকে নাও মেলি ক’লৈ যায়...! বুঢ়ালুইতৰ বুকু ফালি এনেকৈয়ে প্ৰতিদিনে আগুৱাই যোৰহাট-মাজুলী সংযোগী ফেৰী ৷ এই ফেৰীয়ে কেৱল মানুহকেই কঢ়িয়াই নিনিয়ে ৷ নিয়ে সপোনো (Debajani Saikia)
হেঙুল হাইতাল বুলোৱা মাজুলীৰ আকাশ ৷ এই দৃশ্য চাৰি জানুৱাৰীৰ বিয়লিৰ ৷ গড়মূৰত অৱস্থিত মাজুলীৰ হেলিপেডৰ কাষৰ পৰা শনিবাৰে এনেকুৱাই দেখা গ’ল মাজুলীৰ আকাশখন ৷ (Debajani Saikia)
জুবিন গাৰ্গৰ "দৰিয়া ডুবি..." গীতটি শুনিছে নহয় ৷ এইখনেই সেই দৰিয়া ডুবি ৷ যি দৰিয়া ডুবিক বিখ্যাত কৰি তুলিলে জুবিন গাৰ্গৰ এটা মাত্ৰ গীতে ৷ (Debajani Saikia)

ABOUT THE AUTHOR

...view details