অসম

assam

ETV Bharat / opinion

ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ আচল উদ্দেশ্য কি ? - Iran Israel conflict - IRAN ISRAEL CONFLICT

Iran Israel conflict: ইজৰাইলৰ ওপৰত প্ৰথমবাৰৰ বাবে পোনপটীয়া আক্ৰমণ কৰাটো কেৱল সাহসিকতাক দৰ্শাই কিয়নো তেহৰাণৰ লক্ষ্য ইজৰাইলৰ আন্তঃগাঁথনি নাছিল । ই আছিল কেৱল আত্মৰক্ষাৰ প্ৰদৰ্শন । এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল হৰ্ষ কক্কৰৰ এক প্ৰতিবেদন ।

Iran Israel conflict
ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ আচল উদ্দেশ্য কি (ETV BHARAT)

By Major General Harsha Kakar

Published : Apr 15, 2024, 1:54 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : ইজৰাইলে দামাস্কাছত ইৰাণৰ দূতাবাস চৌহদত আক্ৰমণ কৰিছিল, য'ত কুদছ বাহিনীৰ কমাণ্ডাৰকে ধৰি ৭ গৰাকী সামৰিক কৰ্মী নিহত হৈছিল । ইয়াৰ প্ৰতিশোধ স্বৰূপে ইৰাণে প্ৰথমবাৰৰ বাবে ইজৰাইলৰ ওপৰত পোনপটীয়া আক্ৰমণ কৰে । ইৰাণে সহযোগী সন্ত্ৰাসবাদী গোটৰ সহায় নোলোৱাকৈয়ে নিজ দেশৰ ভূমিৰ পৰা আকাশী আক্ৰমণ চলায় ।

ইৰাণৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছিল যে ছিৰিয়াত ইৰাণৰ কনচুলেটক লক্ষ্য কৰি চলোৱা আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইৰাণে ড্ৰোণ আৰু মিছাইলৰ দ্বাৰা ইজৰাইলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল । নিৰ্দিষ্ট অঞ্চলক লক্ষ্য কৰিয়ে এই ড্ৰোণ আৰু মিছাইল আক্ৰমণ চলোৱা হয় । অৱশ্যে নিৰ্দিষ্ট তথ্য অনুসৰি ইৰাণে নিক্ষেপ কৰা ১৮৫ খন ড্ৰোণ আৰু ৩৫ খন ক্ৰুজ মিছাইল উৰণত অৱস্থাতে ধ্বংস কৰা হয় ।

আনহাতে ১১০ টা মিছাইলৰ ভিতৰত ১০৩ টা মিছাইলক ধ্বংস কৰা হয় । আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জৰ্ডান আৰু ইজৰাইলৰ সমন্বিত পদক্ষেপৰ দ্বাৰা এয়া সম্ভৱ হৈছিল । ইজৰাইলৰ প্ৰতিৰক্ষা মুখপাত্ৰই উল্লেখ কৰিছে যে যদিও কিছুমান মিছাইলে নেভাটিম এয়াৰবেচত আঘাত কৰিছিল তেতিয়া কোনো লোক হতাহত হোৱা নাছিল । মিছাইল আক্ৰমণৰ পিচতে এয়াৰবেছৰ পৰা বিমান পৰিচালনাৰ দৃশ্য সামাজিক মাধ্যমত প্ৰকাশ কৰা হয় ।

তেহৰাণ প্ৰশাসনৰ ওপৰত সঁহাৰি দিয়াৰ বাবে চাপ আছিল । আমেৰিকা আৰু ইজৰাইল অৱগত আছিল যে ইৰাণৰ ভূমিৰ পৰা এক আক্ৰমণ চলোৱা হ'ব পাৰে । ৰাষ্ট্ৰপতি বিডেনেও এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল । ইজৰাইলে আনকি কৈছিল যে আক্ৰমণটো এদিন পলম হৈছিল কিয়নো তাক ইৰাণৰ সৰ্বোচ্চ পদবীৰ বিষয়াসকলে অনুমোদন জনোৱা নাছিল । সেয়েহে, যেতিয়া আকাশী আক্ৰমণ আৰম্ভ কৰা হৈছিল কোনো আচৰিত হোৱা নাছিল ।

নেতান্যাহুৱে এক্সত কৈছিল যে ইজৰাইলে এই আক্ৰমণক বাধা দিছিল আৰু প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল । ৱাশ্বিংটন আৰু তেল আবিবে চোৰাংচোৱা তথ্যৰ ওপৰত আক্ৰমণৰ সম্ভাৱ্য সময়ৰ ওপৰত তেওঁলোকৰ মূল্যাঙ্কন আধাৰিত কৰিছিল নে ইৰাণে ইচ্ছাকৃতভাৱে অৱগত কৰিছিল সেয়া সন্দেহৰ আৱৰ্তত ।

এই বছৰ জানুৱাৰীত ইৰাণ-পাকিস্তানৰ সীমান্তৰ আক্ৰমণে একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল । ইৰাণে আক্ৰণ কৰিছিল আৰু পাকিস্তানে প্ৰতিশোধ লৈছিল । তাৰ পিচত কূটনৈতিক কৌশলৰ দ্বাৰা এই উত্তেজনা হ্ৰাস কৰা হৈছিল আৰু স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল । ইফালে ইৰাণৰ আক্ৰমণৰ পিচতে ইজৰাইলৰ চুবুৰীয়া দেশসমূহে এই সংঘৰ্ষক প্ৰতিহত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইজৰাইলক সমৰ্থনৰ আশ্বাস দিছে ।

আক্ৰমণ আৰম্ভ কৰাৰ লগে লগে ইৰাণে ঘোষণা কৰিছিল যে তেওঁলোকে দামাস্কাছ আক্ৰমণৰ প্ৰতিশোধ সমাপ্ত বুলি গণ্য কৰিছে । যদি ইজৰাইলী প্ৰশাসনে পুনৰ এনে ভুল কৰে, ইৰাণৰ সঁহাৰি যথেষ্ট গুৰুতৰ হ'ব বুলিও উল্লেখ কৰা হৈছে । এই সংঘাত ইৰাণ আৰু ইজৰাইলৰ মাজৰ । সেয়েহে আমেৰিকা ইয়াৰ পৰা আঁতৰি থকাটো প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছিল ।

এই বাৰ্তাটোত কোৱা হৈছিল যে তেহৰাণৰ কাৰ্যকলাপ ইজৰাইলৰ আন্তঃগাঁথনিক লক্ষ্য কৰি বা হতাহত হোৱাৰ পৰিৱৰ্তে কেৱল প্ৰতিশোধমূলক আছিল । এইটো ইৰাণৰ সামৰিক শক্তিৰ প্ৰদৰ্শন আছিল । ইৰাণ, পেলেষ্টাইন, লেবানন, ছিৰিয়া আৰু ইৰাকৰ সমৰ্থনে স্পষ্ট কৰে যে তেহৰাণে ইয়াৰ লক্ষ্যত উপনীত হৈছে ।

এই আক্ৰমণে ইজৰাইলক ইৰাণৰ পাৰমাণৱিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লোৱাৰ সুযোগ প্ৰদান কৰিছে । যিটো দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা অভিপ্ৰায় । অৱশ্যে আকাশসীমাৰ সীমাবদ্ধতা আৰু আমেৰিকা ইয়াত জড়িত নহ'ব । ইজৰাইলৰ এনে ধৰণৰ যিকোনো প্ৰচেষ্টাই সমগ্ৰ মধ্য প্ৰাচ্যত সংঘৰ্ষ বৃদ্ধি কৰিব । আৰৱ ৰাষ্ট্ৰসমূহে ইৰাণৰ সৈতে সম্পৰ্ক বন্ধ কৰিবলৈ বাধ্য হ'ব ।

ইৰাণৰ সঁহাৰিক বালাকোট ষ্ট্ৰাইকৰ সৈতেও তুলনা কৰিব পাৰি । ভাৰতে বালাকোটত আক্ৰমণ কৰিছিল আৰু পাকিস্তানক আত্মৰক্ষাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য কৰিছিল । পাকিস্তানে ভাৰতৰ ভূমিত ডুড বোমা নিক্ষেপ কৰি প্ৰতিশোধ লয়, আনহাতে উইং কামাণ্ডাৰ অভিনন্দনক মুকলি কৰি দিয়ে যাতে ভাৰতীয় আক্ৰমণ বৃদ্ধি প্ৰতিহত হয় । ভাৰতৰ পৰৱৰ্তী নীৰৱতাই পাকিস্তানক বিজয় উদযাপন কৰিবলৈ সুযোগ দিছিল !

অৱশ্যে, পাকিস্তানৰ হৃদয়ত গভীৰভাৱে আঘাত কৰাৰ ভাৰতীয় বাৰ্তা আছিল । আৰৱ ৰাষ্ট্ৰসমূহত একেই প্ৰভাৱ আছে । এক ডাঙৰ পৰিণাম হ'ল যে আমেৰিকাৰ কংগ্ৰেছে আৰু ইজৰাইললৈ কোনো অস্ত্ৰ স্থানান্তৰ বন্ধ কৰিব নোৱাৰে, যি নেতান্যাহুৰ বাবে এক ডাঙৰ লাভালাভ । ইউৰোপৰ সমৰ্থনে ইংগিত দিয়ে যে ইৰাণে অতিৰিক্ত নিষেধাজ্ঞাৰ সন্মুখীন হ'ব আনহাতে ইজৰাইলৰ আক্ৰমণ বৃদ্ধি পৰিহাৰ কৰিবলৈ চাপত থাকিব ।

বিডেন প্ৰশাসনে স্পষ্ট কৰি দিছে যে যদিও ইজৰাইলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, ই ইৰাণৰ ওপৰত কোনো আক্ৰমণত অংশগ্ৰহণ নকৰে । ই ইৰাণৰ ওপৰত যিকোনো ইজৰাইলী প্ৰতিবাদৰ বিৰোধিতা নকৰে । আমেৰিকাই দাবী কৰিছে যে ইজৰাইলে যদি আক্ৰমণ বৃদ্ধি কৰিব বিচাৰে তেন্তে তেওঁলোকক অৱগত কৰি ৰাখিব । যদি ইজৰাইলে কোনো আক্ৰমণ কৰে, তেন্তে ইয়াৰ প্ৰয়োজনীয় সমৰ্থন নাথাকিব ।

নেতান্যাহুৱে জানে যে তেওঁৰ চৰকাৰ কেৱল তেতিয়ালৈকে থাকিব পাৰে যেতিয়ালৈকে সংঘৰ্ষ থাকিব । তেওঁৰ পদত্যাগৰ দাবী বাঢ়ি আহিছে । তেওঁৰ পৰামৰ্শদাতাসকলৰ মাজত হক্সে তেহৰাণৰ দ্বাৰা প্ৰদান কৰা সুযোগটো গ্ৰহণ কৰি আক্ৰমণৰ পৰামৰ্শ দিছে । যদি তেল আবিবে প্ৰতিশোধ নলয়, ইৰাণে গৌৰৱ কৰিব যে ই হৈছে একমাত্ৰ আৰৱ ৰাষ্ট্ৰ যিয়ে ইজৰাইলক আঘাত কৰিছে আৰু ইয়াক নীৰৱ হৈ থাকিবলৈ বাধ্য কৰিছে ।

ইজৰাইলীসকলে প্ৰতিশোধ লোৱাৰ কথা অস্বীকাৰ কৰা নাই আৰু উল্লেখ কৰিছে যে যেতিয়া সঠিক সময় হ'ব তেতিয়াই প্ৰত্যুত্তৰ দিয়া হ'ব । নেতান্যাহুৱে ইজৰাইলৰ অগ্ৰাধিকাৰৰ বিষয়ে স্পষ্ট হোৱা প্ৰয়োজন । হয় ইজৰাইলে গাজাত মনোনিৱেশ কৰা উচিত আৰু ইয়াৰ বন্দীসকলক মুকলি কৰা উচিত বা সংঘৰ্ষটো বৃদ্ধি কৰা উচিত । সংঘৰ্ষ বাঢ়ি যোৱাৰ ফলত ইজৰাইল বৰ্তমানে ইয়াক সমৰ্থন কৰা দেশৰ পৰাও আঁতৰি যাব ।

একে সময়তে, ইজৰাইলে আমেৰিকাৰ সমৰ্থনৰ আশ্বাস লাভ কৰিছে । ভাৰতে সংযম হৈ থকাৰ আহ্বান জনাইছে । বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে ভাৰতে তাৎক্ষণিকভাৱে সংঘৰ্ষ হ্ৰাস, সংযম হোৱা আৰু হিংসাৰ পৰা আঁতৰি আহি কূটনীতিৰ পথলৈ উভতি যাবলৈ আহ্বান জনাইছে । বৈদেশিক মন্ত্ৰীয়ে শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনাই ইজৰাইল আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীসকলৰ সৈতে কথা পাতিছে ।

কাটাৰ, পাকিস্তান, ভেনিজুৱেলা আৰু চীনেও শান্তিৰ আহ্বান জনাইছে । আনহাতে এই আক্ৰমণৰ বাবে ইৰাণক সমালোচনা কৰিবলৈও অস্বীকাৰ কৰিছে । ইউৰোপীয় ইউনিয়ন, ব্ৰিটেইন, ফ্ৰান্স, মেক্সিকো, চেক গণৰাজ্য, ডেনমাৰ্ক, নৰৱে আৰু নেডাৰলেণ্ডে ইৰাণৰ আক্ৰমণক গৰিহণা দিছে । জি-৭য়ে এক যুটীয়া বিবৃতিৰ জৰিয়তে ইৰাণ আৰু ইয়াৰ সহযোগীসকলক তেওঁলোকৰ আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনাইছে ।

ইউএনএছচিৰ জৰুৰীকালীন বৈঠকতো সংঘৰ্ষ প্ৰতিহত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । ইৰাণে ইয়াৰ কাৰ্যকলাপ বন্ধ কৰাৰ কথা কৈছিল আনহাতে পশ্চিমীয়া দেশ আৰু ইজৰাইলে সংঘৰ্ষ সম্প্ৰসাৰিত কৰাৰ অভিযোগ কৰিছিল । ইউএনএছচিত ৰাছিয়া আৰু চীনৰ সৈতে ইৰাণৰ বিৰুদ্ধে কোনো প্ৰস্তাৱ সম্ভৱ নহয় ।

ইউএনএছচিয়েও ইৰাণৰ কূটনৈতিক চৌহদত ইজৰাইলৰ আক্ৰমণক গৰিহণা দিয়া নাছিল । ৰাষ্ট্ৰসংঘৰ মহাসচিবে উল্লেখ কৰিছে যে বিশ্বত আন এখন যুদ্ধ হ'ব নোৱাৰে । ইৰাণ-পাকিস্তান পাইপলাইনৰ বাবে আমেৰিকাৰ ঋণ বিচৰা পাকিস্তানে আৰু ইয়াক লাভ নকৰিব । যাৰ ফলত ইয়াৰ বিত্তীয় সমস্যা বৃদ্ধি হ'ব । যদি এই সংঘৰ্ষ ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ নহয়, ই ১৮ বিলিয়ন ডলাৰৰ জৰিমনাৰ সন্মুখীন হ'ব । পাকিস্তানে আমেৰিকাৰ দ্বাৰা ইৰাণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাত প্ৰভাৱিত হোৱাৰ আশংকা কৰিছে ।

ইফালে, ইজৰাইল আৰু হামাছৰ মাজত আলোচনা পুনৰ স্থগিত হৈ পৰিছে, যাৰ ফলত ইজৰাইলৰ ওচৰত ৭ মাহ ধৰি চলি থকা সংঘাত অব্যাহত ৰখাৰ বাহিৰে কোনো বিকল্প নাই । তেহৰানে ইজৰাইলৰ সৈতে সম্পৰ্কিত এখন জাহাজ দখল কৰিছে, যি হৰ্মুজ প্ৰণালীৰ ওচৰত ১৭ জন ভাৰতীয়ৰ সৈতে ভাৰতলৈ গৈছিল । এইটোৱে পৰিস্থিতি বেয়াৰ ফালে লৈ যোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় কৰ্মচাৰীসকলৰ মুক্তিৰ বাবে আলোচনা চলি আছে, আনহাতে কূটনৈতিক মাধ্যমৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টাও চলি আছে ।

ইৰাণ আৰু ইজৰাইলৰ বাণিজ্যিক বিমানৰ বাবে তেওঁলোকৰ আকাশসীমা পুনৰ মুকলি কৰাৰ বাবে সম্ভাৱ্য উত্তেজনা হ্ৰাস হোৱাৰ প্ৰথম লক্ষণ দেখা গৈছে । কিন্তু এয়া সঁচাকৈয়ে ভাল লক্ষণ নে আন এক বৃহৎ সংঘৰ্ষৰ ইংগিত !

লগতে পঢ়ক:ইজৰাইল-ইৰাণ সংঘৰ্ষ: উত্তেজনা হ্ৰাস কৰাৰ আমেৰিকাৰ প্ৰয়াস অব্যাহত - Israel Iran War

ABOUT THE AUTHOR

...view details