সমগ্ৰ ভাৰতে ২৬ জানুৱাৰী দেওবাৰে ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিব ৷ এই বিশেষ দিনটোত দেশৰ ৰাজধানীত অনুষ্ঠিত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দল আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপটে নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সন্দৰ্ভত আলোকপাত কৰা হ’ব ৷ বৰ্তমান সময়ত গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলাই আছে দেশবাসীয়ে ৷ সেয়ে এই বিশেষ দিনটোক আৰু অধিক বিশেষ কৰি তুলিবলৈ আপোনালোকে বিভিন্ন ধৰণৰ ত্ৰিৰঙী খাদ্য ঘৰতে প্ৰস্তুত কৰি নিজে উপভোগ কৰাৰ লগতে আপোনাৰ পৰিয়ালৰ আৰু আপোনজনৰ সৈতেও খাব পাৰে ৷ গণৰাজ্য দিৱসৰ দিনা আপুনি ত্ৰিৰঙী থিমৰ ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ আৰু ড্ৰিংকছ প্ৰস্তুত কৰিব পাৰে । তেন্তে আহক দেশৰ পতাকাৰ থিম লৈ তৈয়াৰ কৰিব পৰা কিছুমান খাদ্য আৰু ইয়াৰ ৰেচিপি বিষয়ে জানি লওক-
ত্ৰিৰঙী পানীয়
গণৰাজ্য দিৱস উপলক্ষে আপুনি এটা আচৰিত ত্ৰিৰঙী পানীয় বনাবলৈ চেষ্টা কৰিব পাৰে । কিৱি, আইচক্ৰীম আৰু আমৰ সৈতে আপুনি সহজেই এই স্বাস্থ্যকৰ তিনিৰঙী পানীয় বনাব পাৰে । গিলাচত কমলা, বগা আৰু সেউজীয়া ৰঙৰ এই পানীয়টো সকলোৱে ভাল পাব ।
ত্ৰিৰঙী ইডলী
যদি আপুনি ইডলী খাবলৈ ভাল পায়, তেন্তে আপোনাৰ ইডলীকো ৰঙীন ত্ৰিৰঙী টুইষ্ট দিব পাৰে । প্লেটত সজাই থোৱা ৰঙীন ইডলী সকলোৱে ভাল পাব । গাজৰ আৰু পালেং ব্যৱহাৰ কৰি কমলা আৰু সেউজীয়া ৰং দিব পাৰে ।
ত্ৰিৰঙী ঢোকলা
কেৱল ইডলিয়েই নহয়, গুজৰাটী খাদ্য ঢোকলাও ত্ৰিৰঙী থিমত অতি সুন্দৰ দেখা যায় । আপুনি ঢোকলাৰ বেটাৰ বিভিন্ন ৰঙৰ প্ৰস্তুত কৰি সোৱাদযুক্ত তিনিৰঙী থিমৰ ঢোকলা বনাই পৰিবেশন কৰিব পাৰে । ল'ৰা-ছোৱালীৰ পৰা বয়োজ্যেষ্ঠলৈকে বহুত ভাল পাব ।