আজিকালি সকলোয়ে এক স্বাস্থ্যৱান জীৱন যাপন কৰাৰ আকাংক্ষাত বহুতো ব্যৱস্থা গ্ৰহণ কৰে ৷ অধিকাংশ লোকে ৰাতি পানীত তিয়াই থোৱা বাদাম বা বীজ পুৱা গ্ৰহণ কৰে ৷ প্ৰকৃততে, ই এটা খুব ভাল অভ্যাস ৷ তিয়াই থোৱা শুকান ফল বা বীজ খালে আমাৰ স্বাস্থ্যৰ বহু উপকাৰ হয় ৷ বিশেষকৈ, ৫ বিধ এনে ফল-বীজ আছে, যিবোৰ খালে আমাৰ জীৱনকাল দুগুণ বৃদ্ধি হ'ব পাৰে ৷ সেইসমূহ হৈছে-
কাঠবাদাম
কাঠবাদাম আমাৰ স্বাস্থ্যৰ বাবে ঔষধ সদৃশ ৷ ইয়াত ভাল চৰ্বি থাকে, যিয়ে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ তিয়াই থোৱাৰ পাছত বাদামৰ পুষ্টিকৰ উপাদানবোৰ আৰু অধিক সক্ৰিয় হয় ৷ ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উৎকৃষ্ট ৷ কাঠবাদামত থকা ভিটামিন-ইয়ে আমাৰ ছাল আৰু মগজু স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷
মেথি গুটি
মেথি গুটিয়ে ডায়েবেটিছৰ স্তৰ হ্ৰাস কৰে ৷ তিয়াই থোৱা মেথি গুটি খালে হজমৰ সমস্যা দূৰ হোৱাৰ লগতে ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে হাড় আৰু পেশীৰ বিষ হ্ৰাস কৰাত সহায় কৰে ৷
চিয়া ছীডছ
চিয়া ছীডছ বা চিয়া বীজক অমেগা-৩ ফেটি এচিডৰ এক উৎকৃষ্ট উৎস বুলি গণ্য কৰা হয় ৷ ছিয়া ছীডছে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী ৷ ছিয়া ছীডছৰ আকাৰ তিয়াই থ'লে ডাঙৰ হয়, যাৰ ফলত দীঘলীয়া সময়ৰ বাবে আমাৰ পেটটো ভৰ্তি অনুভৱ হয় ৷