এটা সম্পৰ্কত থাকিবলৈ বহুতে বিচাৰে, কিন্তু আপুনি সঁচাকৈয়ে ইয়াৰ বাবে সাজু নে ? বহু সময়ত নিসংগতা বা সামাজিক হেঁচাত মানুহে খৰখেদাকৈ সম্পৰ্কত সোমাই পৰে আৰু পিছলৈ অনুশোচনা কৰে ৷ যদি আপুনিও সম্পৰ্কত সোমোৱাৰ কথা ভাবিছে তেন্তে প্ৰথমে এই ৮টা লক্ষণ জানি লওক ৷ যদি এইবোৰৰ বহু কথা আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য, তেন্তে হয়তো আপুনি এতিয়াই ভুলবোৰ শুধৰাব পাৰে ৷ তেন্তে খৰখেদা নকৰিব, অন্যথা সম্পৰ্কটো নষ্ট হ'ব পাৰে ৷
১) আপুনি নিজৰ সৈতে ভালদৰে পৰিচিত নহয়
যদি আপুনি এতিয়াও নাজানে যে আপুনি জীৱনত কি বিচাৰে, আপুনি কি ভাল পায়, আপোনাৰ অগ্ৰাধিকাৰ কি, তেন্তে আপুনি হয়তো সম্পৰ্কত প্ৰৱেশ কৰিবলৈ সাজু নহয় ৷ সম্পৰ্কত সোমোৱাৰ পূৰ্বে নিজকে জনাটো আৰু নিজৰ লগত সময় কটোৱাটো খুবেই জৰুৰী ৷ অন্যথা আপুনি নিজক পাহৰি কেৱল আপোনাৰ সংগীৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰিব পাৰে ৷
২) অকলে সুখী হ’ব নোৱাৰে
অকলশৰীয়াকৈ থাকিব নোৱাৰাৰ বাবেই সম্পৰ্কত সোমাব বিচাৰে নেকি ? যদি হয়, তেন্তে এয়া এক ৰেড ফ্লেগ ৷ সঠিক সম্পৰ্ক হ’ল এনেকুৱা সম্পৰ্ক য’ত দুগৰাকী ব্যক্তি সমানে সুখী হোৱা আৰু ইজনে আনজনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল নোহোৱা ৷ যদি আপুনি অকলে সুখী হ’ব নোৱাৰে তেন্তে সম্পৰ্কতো প্ৰকৃত সুখ বিচাৰি পাব নোৱাৰে ৷
৩) আপুনি এতিয়াও পুৰণি সম্পৰ্কৰ পৰা ওলাব পৰা নাই
যদি আপুনি এতিয়াও আপোনাৰ প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাৰ কথা ভাবি চকুপানী টোকে, তেওঁৰ স্মৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বা তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট বাৰে বাৰে শ্বেক কৰে, তেন্তে আপুনি নতুন সম্পৰ্কৰ বাবে সাজু নহয় ৷
সম্পৰ্কত সোমোৱাৰ পূৰ্বে পুৰণি সম্পৰ্কৰ আৱেগৰ পৰা সম্পূৰ্ণৰূপে ওলাই অহাটো গুৰুত্বপূৰ্ণ ৷ অন্যথা পুৰণি বিষয়বোৰে নতুন সম্পৰ্কত বাৰে বাৰে আমনি কৰিব আৰু এইটো কাৰো বাবে উচিত নহয় ৷
৪) আপুনি প্ৰতিশ্ৰুতি দিবলৈ ভয় কৰে
কাৰোবাৰ লগত দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি দিয়াৰ কথাটোৱে আপোনাক ভয় খুৱাই নেকি?
যদি আপুনি কেৱল মজাৰ বাবে বা টাইম পাছৰ বাবে সম্পৰ্কত প্ৰৱেশ কৰিব বিচাৰে, কিন্তু গভীৰভাৱে সংলগ্ন হ’বলৈ দ্বিধাবোধ কৰে, তেন্তে এয়া আপুনি এতিয়াও গুৰুতৰ সম্পৰ্কৰ বাবে সাজু নহয় তাৰ লক্ষণ ৷ কাৰোবাৰ হৃদয় ভঙাতকৈ প্ৰথমে নিজৰ আৱেগক বুজি পোৱাটো খুবেই দৰকাৰী ৷
৫) কেৰিয়াৰ বা ব্যক্তিগত গ্ৰোথৰ ওপৰত গুৰুত্ব দিবৰ বাবে
যদি আপুনি এতিয়াই নিজৰ কেৰিয়াৰ, পঢ়া-শুনা বা নিজকে উন্নত কৰাত মনোনিৱেশ কৰিব বিচাৰে, তেন্তে সম্পৰ্ক আপোনাৰ অগ্ৰাধিকাৰ নহ’বও পাৰে ৷