নৱৰাত্ৰি উৎসৱ হিন্দু ধৰ্মৰ অন্যতম এক প্ৰধান উৎসৱ, যিটো সম্পূৰ্ণৰূপে মা দুৰ্গাক উৎসৰ্গিত কৰা হয় ৷ এই সময়ছোৱাত ভক্তসকলে ৯ দিন ৯ ৰাতি দেৱী দুৰ্গাৰ আৰাধনা কৰে ৷ নৱৰাত্ৰিৰ সময়ছোৱাত মা দুৰ্গাৰ ৯টা অনন্য ৰূপৰ পূজা কৰা হয় ৷
নৱৰাত্ৰিৰ প্ৰথম দিন এইবাৰ আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি অৰ্থাৎ ২০২৪ চনৰ ৩ অক্টোবৰত পৰিছে ৷ নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীক পূজা কৰাৰ পৰম্পৰা আছে ৷ এই দিনটোত কলহ স্থাপন বা ঘট স্থাপনো কৰা হয় ৷ নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱী শৈলপুত্ৰীৰ আৰাধনা কৰিলে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয় ৷
- নৱৰাত্ৰিৰ প্ৰথম কৰা হয় কলহ স্থাপন বা ঘট প্ৰতিষ্ঠা
ভক্তসকলে প্ৰথমে নৱৰাত্ৰিৰ প্ৰথম দিনা অৰ্থাৎ প্ৰতিপদ তিথিত ঘট স্থাপন বা কলশ স্থাপন কৰে আৰু জীৱনত সুখ-শান্তি স্থাপনৰ বাবে মা দুৰ্গাৰ ওচৰত ভক্তসকলে প্ৰাৰ্থনা কৰে ৷
- প্ৰতিপদ তিথি কেতিয়াৰ পৰা কেতিয়ালৈকে
ড্ৰিক পঞ্চাংগ অনুসৰি, প্ৰতিপদ তিথি ০৩ অক্টোবৰৰ পুৱা ১২:১৮ বজাত আৰম্ভ হৈ প্ৰতিপদ তিথি ০৪ অক্টোবৰ ২০২৪ তাৰিখে পুৱা ০২:৫৮ বজাত অন্ত পৰিব ৷
- ঘট স্থাপনৰ শুভ মুহূৰ্ত
ঘট স্থাপনৰ শুভ মুহূৰ্ত পুৱা ০৬:১৪ বজাৰ পৰা পুৱা ০৭:২১ বজালৈ থাকিব ৷
- মা শৈলপুত্ৰীৰ পূজা পদ্ধতি
নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা কৰা হয় ৷ মা শৈলপুত্ৰী হিমালয়ৰ কন্যা হোৱাৰ বাবেই এই নামেৰে পৰিচিত ৷ নৱৰাত্ৰিৰ প্ৰথম দিনাই পুৱা স্নান কৰাৰ পিচত পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব লাগে ৷ এতিয়া এখন থাপনা বা য’ত আপুনি দেৱী দুৰ্গাৰ প্ৰতিমা বা ফটোৰ পূজা কৰিব বুলি ভাবিছে সেই স্থানত গংগাজল ছটিয়াই শুদ্ধিকৰণ কৰক ৷ এতিয়া মা দুৰ্গাৰ প্ৰতিমূৰ্তি বা মূৰ্তি স্থাপন কৰক ৷ মা দুৰ্গাৰ সন্মুখত ধূপ, চাকি আৰু দেশী ঘিউৰ চাকি জ্বলাব পাৰে ৷ মা শৈলপুত্ৰীক ভোগ আগবঢ়াওক ৷ ইয়াৰ পিচত মা শৈলপুত্ৰীৰ আৰতি কৰক ৷ তাৰ পিচত কথা আৰু দুৰ্গা চালিছা বা সপ্তশতী পাঠ কৰক ৷
- নৱৰাত্ৰিৰ প্ৰথম দিনাৰ শুভ সময়
- ব্ৰহ্ম মুহূৰ্ত- পুৱা ০৪:৩৭ বজাৰ পৰা পুৱা ০৫:২৬ বজালৈ
- প্ৰাতঃ সন্ধ্যা- পুৱা ০৫:০১ বজাৰ পৰা পুৱা ০৬:১৪ বজালৈ
- অমৃত কাল- পুৱা ০৮:৪৫ বজাৰ পৰা ১০:৩৩ বজালৈ
- অভিজিৎ মুহূৰ্ত- পুৱা ১১:৪৫ বজাৰ পৰা নিশা ১২:৩৩ বজালৈ
- বিজয় মুহূৰ্ত- দুপৰীয়া ০২:০৭ বজাৰ পৰা দুপৰীয়া ০২:৫৪ বজালৈ
- নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ শুভ ৰং