২২ ডিচেম্বৰত ৰাজস্থানত ব্যক্তিগত বিবাহ অনুষ্ঠানত ভেংকট দত্ত সাইৰ সৈতে বিবাহপাশত আবদ্ধ হয় তাৰকা বেডমিণ্টন খেলুৱৈ পুছাৰলা ভেংকটা সিন্ধুৰ সৈতে জীৱনৰ নতুন যাত্ৰা আৰম্ভ কৰে । বাগদানৰ পৰা আৰম্ভ কৰি বিয়াৰ মণ্ডপলৈকে এইগৰাকী বিখ্যাত এথলীটগৰাকীৰ ফেশ্বন পছন্দসমূহ সমগ্ৰ অনুষ্ঠানটোত পৰম্পৰা, আধুনিকতাৰ সৈতে এক আচৰিত সংমিশ্ৰণ ঘটাইছে । বিবাহৰ প্ৰতিটো অনুষ্ঠানৰ সাজ-পোছাকে তেওঁক দেখিবলৈ খুবেই ধুনীয়া লাগিছিল, তেওঁ এই আটাইবোৰ লুকেই সকলোকে আচৰিত কৰি তুলিছিল ৷
গতিকে, আৰু পলম নকৰি, তেওঁৰ এই বিবাহ অনুষ্ঠানৰ সাজ-পোছাকসমূহ চাও আহক-
বাগদান বা এংগেজমেণ্ট লুক
১৪ ডিচেম্বৰত এক ৰোমান্টিক আৰু অন্তৰংগ অনুষ্ঠানত সিন্ধুৱে তেওঁৰ স্বামীক আঙঠি পিন্ধায় । এংগেজমেণ্ট অনুষ্ঠানৰ বাবে সিন্ধুৱে ক্লাছিক ভি-নেকৰ সৈতে অহা এটা ম্যুটেড মেটালিক নীলা সম্পূৰ্ণ হাতৰ লংগ ড্ৰেছ বাছি লৈছিল । সাধাৰণ পোছাকযোৰৰ নূন্যতম আনুষংগিক বস্তুৰে ষ্টাইল কৰা হৈছিল, যেনে ক্লাছিক ঘড়ী আৰু এযোৰ কাণফুলি । চুলিৰ ষ্টাইলৰ কথা ক’বলৈ গ’লে তাইৰ খোলা আছিল আৰু চফ্ট ৱেভি ষ্টাইল কৰিছিল ।
হালধি
অলিম্পিক বিজয়ীগৰাকীয়ে সাধাৰাণভাৱে ক্লাছিক হালধীয়া আৰু গোলাপী ৰঙৰ সাজ-পোছাকৰ সলনি হালধিৰ অনুষ্ঠানৰ বাবে বগা কো-অৰ্ড লেহেংগা চেট বাছি লৈছিল । সাজ-পোছাকযোৰৰ সৈতে আছিল গ্লাচ ডিজাইনৰ লংগ স্কাৰ্ট, ডিজাইনিং ব্লাউজৰ সৈতে পৰিধান কৰিছিল । হেভী গহনাৰ সৈতে তেওঁ ষ্টেটমেন্ট কাণফুলি, মাংটিকা, ব্ৰেচলেটকে ধৰি কম আনুষংগিক গহনাৰ সৈতে নিজৰ লুক ষ্টাইল কৰিছিল । বেনী গঠা হেয়াৰষ্টাইলৰ সৈতে তেওঁ নিজৰ লুক সম্পূৰ্ণ কৰে ।
মেহেন্দি
তাইৰ মেহেন্দি অনুষ্ঠানৰ বাবে তেওঁ পৰিধান কৰিছিল "পাপা ড’ন্ট প্ৰিচ"ৰ লেভেণ্ডাৰ ৰঙৰ লেহেংগা ৷ মুকুতাৰে সজ্জিত অলংকাৰ আৰু ষ্টেটমেন্ট কাণফুলিৰে তেওঁ নিজৰ লুক সম্পূৰ্ণ কৰিছিল ইয়াৰ লগত তেওঁ মেচিং জোতা পৰিধান কৰিছিল । আন ফাংচনৰ দৰেই তেওঁ চফ্ট মেকআপ লুক বাছি লৈছিল যিয়ে তাইক পূৰ্বৰ তুলনাত অধিক ধুনীয়া দেখাইছিল ।
ককটেইল
পিভি সিন্ধুৱে তেওঁৰ সংগীত অনুষ্ঠানত চেকুইনযুক্ত, সেউজীয়া ৰঙৰ, বডি হাগিং গাউন পিন্ধি শ্ব’টোত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । জটিল ডিটেইলিং আৰু স্লীভলেছ ডিজাইনৰ সৈতে ভলিউমিনাছ ফিটে তেওঁলোক একেবাৰে এক আচৰিত লুক প্ৰদান কৰিছিল । তাইৰ সাজ-পোছাকযোৰ ধুনীয়া গহনা আৰু নূন্যতম মেকআপৰ সৈতে মিলাই তেওঁ পৰিধান কৰে । তাইৰ চুলিখিনি পিছলৈ পনিটেইলত বান্ধি থোৱা আছিল, যিয়ে তেওঁৰ এই লুক সম্পূৰ্ণ কৰিছিল ৷
পেলিকুথুৰু অনুষ্ঠান
পিভি সিন্ধুৱে তেওঁৰ পেলিকুথুৰু অনুষ্ঠান(বিবাহৰ পূৰ্বে তেলুগু সম্প্ৰদায়ৰ লোকৰ এটি পাৰম্পৰিক অনুষ্ঠান)ৰ বাবে এটা আচৰিত লুক বাছি লৈছিল, যিয়ে সকলো কথা পৰম্পৰাগত লুক প্ৰদান কৰিছল । গোটেই শৰীৰত সোণালী কাম কৰা ৰঙা ৰঙৰ কাঞ্জীৱৰাম শাৰী এখন তেওঁ পৰিধান কৰিছিল ৷ তেওঁ চুলিখিনিৰ মাজেৰে শেওতা ফালি পনিটেইল কৰিছিল, যাতে তেওঁৰ লুক আৰু সাজ-পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । গধুৰ গহনা আৰু নূন্যতম মেকআপে খেলুৱৈগৰাকীক কইনাৰ দৰে আকৰ্ষণীয় কৰি তুলিছিল ।
পেলিকুথুৰু অনুষ্ঠান (Etv Bharat) তেলুগু বিবাহৰ লুক
পিভি সিন্ধুৱে তেওঁৰ বিশেষ দিনটোত প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই ডিজাইন কৰা সাজ-পোছাক আৰু গহনা পৰিধান কৰিছিল । হাতেৰে বোৱা এণ্টিক সোণৰ টিছু শাৰী পৰিধান, য’ত বেজ আৰু সোণ আৰু ৰূপৰ ৰেখাৰে জৰ্ডোছি এম্ব্ৰয়ডাৰী আছিল । শাৰীখনৰ লগত যোৰ কৰা হৈছিল এটা ধুনীয়া ব্লাউজ, যিটো জটিল কাৰুকাৰ্য্যৰে সজোৱা হৈছিল । লগতে হেভী গহনাৰে তেওঁ নিজৰ লুক সম্পূৰ্ণ কৰিছিল ৷
বিবাহনুষ্ঠান
আন এক বিয়াৰ অনুষ্ঠানৰ বাবে বেডমিণ্টন খেলুৱৈগৰাকীয়ে পিন্ধিছিল সব্যাসাচী হেৰিটেজ ব্রাইডাল কলেকচনৰ হাতেৰে তৈয়াৰ হোৱা মহীশূৰ ৰেচমৰ লেহেংগা । ৰঙা আৰু সোণালী ফুলৰ কাম কৰা ড্ৰেছটোৰ লগত এম্ব্ৰয়ডাৰী কৰা দুপাট্টা আৰু ঘৰৰ ক্লাছিক "কান্থী" ব্লাউজটো যোৰ কৰিছিল । তেওঁৰ এই আচৰিত সাজ-পোছাকযোৰ আৰু সুন্দৰ কৰি তোলা হৈছিল সঠিক আনুষংগিক নিৰ্বাচনৰ দ্বাৰা, য’ত আছিল এটা গধুৰ সোণ আৰু পান্নাৰ হাৰ, মেচিং ষ্টেটমেন্ট কাণফুলি, আৰু এটা গোৰ্জিয়াছ মাংগ টিকা, যিয়ে তেওঁক খুবেই ধুনীয়া দেখাইছিল ।
অভ্যৰ্থনা
হায়দৰাবাদত অনুষ্ঠিত হোৱা তেওঁৰ গ্ৰেণ্ড ৰিচেপচনত পিভি সিন্ধুৱে ফালগুনি শ্বেন পিককৰ শ্বেলফৰ পৰা স্বৰভস্কি, চেকুইন আৰু স্ফটিকেৰে তৈয়াৰী হাতীদাঁতৰ ৰঙৰ টুল লেহেংগা পিন্ধিছিল । মেচিং ব্লাউজ, দুটা ড্ৰেপ আৰু এটা ডুপাট্টাৰে এনচেম্বলটো সম্পূৰ্ণ কৰা হৈছিল । তাইৰ ষ্টানিং লুকটো সম্পূৰ্ণ কৰিছিল পান্না আৰু হীৰা গহনাৰে লগতে মেচিং কাণফুলিয়ে ।
লগতে পঢ়ক