অসম

assam

ETV Bharat / lifestyle

অপৰাজিতা ফুলৰে কেনেদৰে আৰ্থিক দিশ শক্তিশালী কৰিব পাৰি ? - APARAJITA FLOWER

অপৰাজিতা ফুলে গ্ৰহদোষ খণ্ডনত কেনেদৰে সহায় কৰে ? অপৰাজিতা ফুলৰ প্ৰয়োগে বৈবাহিক সম্পর্ক কেনেদৰে ভাল কৰিব পাৰে এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই-

Astro tips
অপৰাজিতা ফুলৰে কেনেদৰে আৰ্থিক দিশ শক্তিশালী কৰিব পাৰি ? (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Jan 23, 2025, 5:27 PM IST

অপৰাজিতা ফুলৰ আধ্যাত্মিক দিশত যথেষ্ট মাহাত্ম্য আছে ৷ অপৰাজিতা ফুলৰ অবিহনে পূজা সম্পূৰ্ণ নহয় ৷ আনহাতে স্বাস্থ্যৰ বাবেও এই ফুল বিশেষকৈ নীলা অপৰাজিতা যথেষ্ট উপকাৰী ৷ বৰ্তমান সময়ত বজাৰত নীলা বজাৰত নীলা অপৰাজিতাৰ চাহো উপলব্ধ অপৰাজিতা ফুল ঘৰৰ চৌহদত ৰাখিলে ঘৰৰ পৰিৱেশ মধুৰ হৈ থাকে ৷

আনহাতে, এই ফুলেৰে কিছু ৰেমেডি কৰি গ্ৰহদোষ,মা লক্ষ্মীক সন্তুষ্ট,আৰ্থিক দিশ শক্তিশালী ইণ্টাৰভিউত ভাল ফলাফল,বৈবাহিক সম্পর্ক ভাল আদি কৰিব পাৰি ৷

অপৰাজিতা ফুলে গ্ৰহদোষ খণ্ডনত সহায় কৰে

নীলা অপৰাজিতা ফুল মহাদেৱ আৰু মা দুর্গাৰ বহু প্রিয় ফুল ৷ গতিকে গ্ৰহ শান্তিৰবাবে শিৱ লিংগত নীলা অপৰাজিতা ফুল অৰ্পণ কৰিব পাৰে ৷ শনিবাৰে সন্ধিয়া সূৰ্য্যাস্তৰ পাছত শিৱ লিংগত নীলা অপৰাজিতা ফুল অৰ্পণ কৰিলে গ্ৰহদোষ নিৰ্মূল হয় ৷

অপৰাজিতা ফুলেৰে মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰে

মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ শুক্ৰবাৰে বগা অপৰাজিতা ফুলৰ লগত অকমান গোলাপৰ সুগন্ধিৰ লগত মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় ৷ লগতে জীৱনলৈ বহু পজিটিভ এনাৰ্জী আহে ৷

আৰ্থিক দিশ শক্তিশালী কৰিবলৈ কৰিব পাৰে এই কাম

আৰ্থিক দিশ শক্তিশালী কৰিবলৈ হ'লে ৫ পাহ নীলা অপৰাজিতা ফুল আৰু ৫ টা শনিবাৰে সূৰ্য্যাস্তৰ পাছত বোৱতী নদীত উটুৱাই দিব পাৰিলে আৰ্থিক সমস্যা কিছু পৰিমাণে হ্ৰাস হ'ব বুলি কোৱা হয় ৷

চাকৰিৰ ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগতে কৰিব পাৰে এই কাম

চাকৰিৰ ইন্টাৰভিউ থাকিলে তাৰ আগদিনা দূৰ্গামন্দিৰলৈ গৈ ৫ পাহ অপৰজিতা ফুল আৰু ৫ টুকুৰা ফিটকীৰী মা দূৰ্গাৰ চৰণত দি, আপোনাৰ মনোকামনাটো কৈ ভালদৰে সেৱা কৰিব ৷ তাৰ পাছত মাৰ চৰণত অৰ্পণ কৰা ফুল কেইপাহ নির্মালী হিচাপে লৈ আনি ইণ্টাৰভিউ দিবলৈ যাওঁতে লৈ গলে সু-ফল লাভ কৰে বুলি বিশ্বাস কৰা হয় ৷

বৈবাহিক সম্পর্ক ভাল কৰিবলৈ কৰিব পাৰে এই উপায়

বৈবাহিক জীৱনত যদি বাধা আহি আছে বা যদিহে কাজিয়া পেচাল হৈ আছে তেন্তে এটা সৰু উপায় কৰিব পাৰে ৷ এই উপায়টোৰ বাবে আপুনি শনিবাৰে সন্ধিয়া সূৰ্য্যাস্তৰ পাছত এটুকুৰা নিৰ্জন ঠাইত(যাতে আপোনাক কামটো কৰা কোনেও দেখা নাপায়) গৈ এডাল খৰিৰে মাটিত এটা গাঁত খুন্দি ল'ব ৷ তাৰ পাছত সেই গাঁতটোত ৫ পাঁহ নীলা অপৰাজিতা ফুল দি পুনৰ খৰি ডালেৰে গাঁতটো পুতি দিব ৷ ঘৰলৈ উভতি আহোঁতে পাছলৈ ঘূৰি নাচাব ৷ এনে কৰাৰ ফলত বৈবাহিক সম্পর্ক ভাল হোৱাত যথেষ্ট সহায় হ'ব ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’কাৰ্ডআদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. কোনো কামত অসফল হৈছে নেকি ? তেন্তে কামত আহিব শাস্ত্ৰৰ এই ৩টা কাহিনী
  2. মহাকুম্ভত সাধু-সন্তৰ সমাগম : মেলাৰ ইতিহাস আৰু ইয়াৰ তাৎপৰ্য জানো আহক
  3. ২০২৫ বর্ষত কি ৰং ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব ?

ABOUT THE AUTHOR

...view details