মেষ ৰাশি:মেষ ৰাশিৰ অধিপতি হৈছে মংগল ৷ সেয়ে সংখ্যাত্বত্তৰ দিশৰ পৰা এই বছৰটো মেঘ ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে ভাল ৷ কিন্তু এই ৰাশিৰ জাতক-জাতিকাসকলৰ মাৰ্চ মাহৰ পাছত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ মাৰ্চ মাহলৈ এই ৰাশিৰ শনি একাদশত থাকিব আৰু মে' মাহলৈ ধনস্থানত বৃহস্পতি থাকিব ৷ গতিকে এই সময়ছোৱাত ব্যৱসায়ৰ পৰা আৰম্ভ আৰ্থিক দিশত ভাল ফল লাভ কৰিব ৷ কিন্তু তাৰ পাছৰ সময়ছোৱা কিছু সমস্যাত পৰিব পাৰে ৷ অযথা খৰচ হ'ব পাৰে, পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ আদি হ'ব পাৰে ৷ আনহাতে যি সকলে বিদেশ ভ্ৰমণ কৰিম বুলি ভাবিছে বাহিৰত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বাবে এই বছৰটো ভাল হ'ব ৷ প্ৰতিকাৰ হিচাপে এই বছৰত এই ৰাশিৰ জাতক-জাতিকা সকলে হনুমান পূজা কৰিব পাৰিলে ভাল ৷ দৈনিক হনুমান চলিছা পাঠ কৰাৰ লগতে, একেৰাহে ৯ দিন হনুমান মন্দিৰ গৈ বাবাৰ ওচৰত সেন্দুৰ আৰু ৰঙা জবা অৰ্পণ কৰিলে ভাল ফল লাভ কৰিব ৷
বৃষ ৰাশি:বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰো মাৰ্চ মাহলৈ কৰ্মক্ষেত্ৰত প্ৰত্যহ্বান থাকিব ৷ মাৰ্চৰ মাহৰ পৰা ভাল ফল লাভ কৰিব ৷ বৰ্তমান মেঘ ৰাশিৰ ওপৰত বৃহস্পতি সঞ্চাৰ হৈ আছে কিন্তু মে মাহৰ পাছৰ পৰা ধন স্থানত বৃষ ৰাশিৰ সঞ্চাৰ ঘটিব ৷ সেয়ে এই ৰাশিৰ জাতক-জাতিকাসকলৰ ধন লাভৰ যোগ আছে, চাকৰিৰ বাবে চেষ্টা কৰি থকা সকলৰ লাভ হ'ব ৷ বেয়া হোৱা সম্পর্কবোৰ এই বর্ষত ভাল হ'ব ৷ এই ৰাশিৰ জাতক-জাতিকা সকলে মা লক্ষ্মীৰ পূজা কৰিব পাৰিলে ভাল ৷
মিথুন ৰাশি:মিথুন ৰাশিত মে' মাহৰ পাছত ৰাশিত বৃহস্পতি সঞ্চাৰ ঘটিব ৷ গতিকে ব্যৱসায় বৃদ্ধি হ'ব , ব্যৱসায় সম্প্ৰসাৰণ হ'ব, বিয়াৰ বাধা আঁতৰিব, সম্পৰ্ক সমূহ ভাল হ'ব, শৰীৰ ভাল হ'ব ,বেমাৰ আজাৰবোৰ নাইকীয়া হ'ব ৷ কিন্তু কিছুক্ষেত্ৰত হোৱা কাম সমূহো আধৰুৱা হৈ ৰ'ব পাৰে ৷ লগতে প্ৰেম আদিত ভুল বুজা-বুজি হ'ব পাৰে ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে গণেশ পূজা কৰাৰ লগতে , গণেশ মন্দিৰ দৰ্শন কৰিব পাৰিলে ভাল ৷
কৰ্কট ৰাশি:এই ৰাশিৰ অধিপতি চন্দ্ৰ ৷ আনহাতে ২০২৫ বৰ্ষৰ নম্বৰটোত দুটা ২ থাকে আৰু ২ চন্দ্ৰৰ নম্বৰ ৷ সেয়ে অকমান আবেগিক ভাবে ভাৰসাম্যহীনতাত ভুগিব পাৰে ৷ অত্যাধিক আত্মবিশ্বাসী হৈ বা আবেগ, খং-ৰাগ আদিৰ বশৱৰ্তী হৈ কিছুমান ভুল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৷ গতিকে নিজকে নিয়ন্ত্ৰণ কৰি চলাটো ভাল ৷ এই বৰ্ষটোত এই ৰাশিৰ জাতক-জাতিকা সকলৰ খৰছো থাকিব আৰু উপাৰ্জনো থাকিব ৷ সেয়ে সঞ্চয়ত গুৰুত্ব দিলে তেওঁলোকৰ বাবে এইটো বছৰ ভাল হ'ব লগতে পঢ়া-শুনা কৰা লৰা-ছোৱালীৰ বাবে এইটো বছৰ ভাল হ'ব ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে মহাদেৱৰ আৰাধনা কৰাটো ভাল ৷
সিংহ ৰাশি:২০২৫ বৰ্ষৰ অধিপতি মংগল হয় আনহাতে সিংহ ৰাশিৰ অধিপতি ৰবি হয় ৷ গতিকে এই বৰ্ষত এই ৰাশিৰ জাতক-জাতিকা সকলৰ শক্তি থাকিব, কাম কিছুমান আগবাঢ়িব ৷ বহুক্ষেত্ৰত সফলতা লাভ কৰিব ৷ বিবাহ, পঢ়া-শুনা আদিৰ বাধা সমূহ আঁতৰিব ৷ ব্যৱসায়ৰ বাধা সমূহ আঁতৰিব ৷ বিগত বৰ্ষতকৈ ২০২৫ বৰ্ষটো এই ৰাশিৰ লোক সকলৰ বাবে ভাল ৷ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে লগতে কৰোৱাৰ পৰা প্ৰতাৰিত হ'ব পাৰে ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে সূৰ্য্যৰ আৰাধনা কৰাটো ভাল ৷ লগতে আদিত্য হৃদয়ম স্তোত্র সদায় নোৱাৰিলেও দেওবাৰে দেওবাৰে পাঠ কৰিব পৰিলেও ভাল ফল লাভ কৰিব ৷
কন্যা ৰাশি:এই ৰাশিৰ জাতক-জাতিকাসকলৰ মাৰ্চ মাহৰ পাছত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ বেমাৰ-আজাৰ বৃদ্ধি পাব, ব্যৱসায়ত অসুবিধা হ'ব, পতি-পত্নীৰ মাজত কাজিয়া হ'ব পাৰে ৷ কঁকালৰ পৰা তলৰ ফালে যিকোনো ধৰণৰ বেমাৰ-আজাৰ হ'ব পাৰে ৷ বিত্তীয় ক্ষেত্ৰতো অকমান লোকচান হ'ব পাৰে ৷ সেয়ে এই ৰাশিৰ জাতক-জাতিকাসকলে এই বৰ্ষটো অকমান সাৱধান হৈ থকাটো ভাল ৷ কৰ্মস্থানত বৃহস্পতি মে' মাহৰ পাছত আহিব , গতিকে তেওঁলোকৰ ক্ষেত্ৰত কৰ্ম ভাল হ'ব কিন্তু কামত প্ৰত্যহ্বান আহিব ৷প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে একেৰাহে ৯ টা বুধবাৰে গণেশ দেৱতাৰ পুজা কৰাটো ভাল ৷