অসম

assam

ETV Bharat / lifestyle

২৯ বছৰৰ পাচত বিবাহ বিচ্ছেদ ঘটিল এ আৰ ৰহমানৰ...কিয় দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে বিবাহ বিচ্ছেদ ? - AR RAHMAN DIVORCE

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি বিগত ১০ বছৰত দেশত বিবাহ বিচ্ছেদৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি জানো আহক-

Ar Rahman divorce news: Why is the divorce rate increasing in India? United Nations report on divorce
২৯ বছৰৰ পাচত বিবাহ বিচ্ছেদ ঘটিল এ আৰ ৰহমানৰ...কিয় দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে বিবাহ বিচ্ছেদ ? (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Nov 21, 2024, 1:58 PM IST

অস্কাৰ বঁটা বিজয়ী সুৰকাৰ এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৱে প্ৰায় তিনিটা দশকৰ অন্তত ইজনে আনজনৰ পৰা বিচ্ছেদ হোৱাৰ কথা সামূহিকভাৱে ঘোষণা কৰে ৷ দুয়োজনে প্ৰায় ২৯ বছৰ ধৰি একেলগে জীৱন নিৰ্বাহ কৰিছিল যদিও এতিয়া বিবাহ বিচ্ছেদৰ সিন্ধান্ত গ্ৰহণ কৰে ৷

ছ’চিয়েল মিডিয়া পোষ্ট এক্সত এই তথ্য দিওঁতে সংগীত সুৰকাৰ এ আৰ ৰহমানে কয় যে, আমি আশাবাদী যে আমি ত্ৰিশ বছৰ সম্পূৰ্ণ কৰিম ৷ লগতে তেওঁ সকলোকে তেওঁলোকৰ এই সিন্ধান্তক সন্মান জনাবলৈ আহ্বান জনায় ৷

ভাৰতত বিবাহ বিচ্ছেদৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি: ৰাষ্ট্ৰসংঘ

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ভাৰতত বিবাহ বিচ্ছেদৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ প্ৰতিবেদন অনুসৰি ভাৰতত ২০০০ চনৰ পৰা বিবাহ বিচ্ছেদৰ হাৰ দুগুণ বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰসংঘই নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০০৫ চনত ভাৰতত বিবাহ বিচ্ছেদৰ হাৰ ০.৬ শতাংশ আছিল, যিটো ২০১৯ চনত ১.১ শতাংশলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত ইয়াৰ অনুপাত বহু বেছি বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

ভাৰতত বিবাহ বিচ্ছেদৰ গোচৰ কিয় বাঢ়িছে:

ব্যস্ত জীৱনশৈলী

ব্যস্ততাৰে ভৰা এই জীৱনত মানুহে ইজনে আনজনক সময় দিব পৰা নাই ৷ এনে পৰিস্থিতিত স্বামী-স্ত্ৰীৰ মাজত যোগাযোগৰ ব্যৱধান লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে ৷ যিকোনো সম্পৰ্কৰ ভেটি যোগাযোগৰ ওপৰত নিৰ্ভৰশীল ৷ এনে পৰিস্থিতিত যোগাযোগৰ অভাৱৰ বাবে স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজি বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ ফলত কাজিয়াৰ সৃষ্টি হয় আৰু লাহে লাহে সম্পৰ্কটো ভাঙি যোৱাৰ উপক্ৰম ঘটে ৷

মানসিক স্বাস্থ্যৰ বাবে সম্পৰ্ক ভাঙি যোৱা

সম্পৰ্কত বিচ্ছেদ ঘটাৰ আঁৰৰ এটি প্ৰধান কাৰণ হ’ব পাৰে মানসিক স্বাস্থ্য ৷ দৰাচলতে মানসিক স্বাস্থ্যই যিকোনো সম্পৰ্কত গভীৰ প্ৰভাৱ পেলায় ৷ যদি কোনো ব্যক্তিয়ে মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছে তেন্তে ই কেৱল তেওঁকেই প্ৰভাৱিত কৰাই নহয়, তেওঁৰ ওচৰ-চুবুৰীয়া লোকসকলো ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে ৷ বহু সময়ত এই সমস্যাৰ বাবে যোগাযোগৰ অভাৱ, মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পায়, যাৰ ফলত সম্পৰ্কত বিভাজনৰ সৃষ্টি হয় ৷

বিবাহ বৰ্হিভূত সম্পৰ্কৰ বাবে সম্পৰ্কত ফাঁট মেলা

স্বামী-স্ত্ৰীৰ সম্পৰ্ক আটাইতকৈ পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ ৷ কোৱা হয় যে বিবাহক সাত জনমৰ বান্ধোন বুলি কোৱা হয় ৷ একে সময়তে স্বামী-স্ত্ৰীৰ সম্পৰ্ক আস্থাৰ সূতাৰ ওপৰত থিয় হৈ থাকে ৷ কিন্তু যেতিয়াই কোনো তৃতীয় ব্যক্তিৰ আগমণ ঘটে তেতিয়া এটি ভাল সম্পৰ্কতো আউল লাগিবলৈ আৰম্ভ কৰে ৷ সেই সময়ত এই বিষয়টো বিবাহ বিচ্ছেদৰ পৰ্যায় পায়গৈ ৷

অহংকাৰৰ সমস্যা

যিকোনো সম্পৰ্ক এটাত অহংকাৰৰ বাবে বহু সময়ত ফাঁট মেলে ৷ এটা সম্পৰ্কক সদায় সুস্থ তথা বচাই ৰাখিবলৈ হ’লে সদায় যদি এজনে খং কৰে তেন্তে আনজনে শান্তভাৱে তেওঁৰ কথা শুনাটো খুবেই জৰুৰী ৷ কিন্তু কেতিয়াবা স্বামী-স্ত্ৰীৰ সম্পৰ্কত ইয়াৰ বিপৰীত হোৱা দেখা যায়, যাৰ বাবে বিবাহ বিচ্ছেদৰ পিনে ঢাল খায় ৷

উৎস:-https://unstats.un.org/unsd/demographic-social/sconcerns/mar_divorce/

https://asiapacific.unwomen.org/sites/default/files/Field%20Office%20ESEAsia/Docs/Publications/2021/08/ap-wa2j-The-right-to-divorce-a-comparison-between-India-and-the-Philippines.pdf

লগতে পঢ়ক:একেদিনাই বিচ্ছেদ ঘোষণা ৰহমান-মোহিনীৰ...নেটিজেনে আনিছে নতুন সংযোগ !

বিচ্ছেদক ​​লৈ এ আৰ ৰহমান-ছাইৰা বানুৰ কন্যাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details