অসম

assam

ETV Bharat / lifestyle

শৰীৰৰ আধা সমস্যাই হ’ব দূৰ: খাবলৈ বন্ধ কৰক এই ৫বিধ বগা বস্তু

স্বাস্থ্যৰ সমস্যাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল খাদ্য ৷ সেয়ে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে এই বগা খাদ্যবোৰ আপোনাৰ খাদ্য তালিকাৰ পৰা আঁতৰাই পেলাওক-

5 white things That You Should Start Avoiding Immediately
শৰীৰৰ আধা সমস্যাই হ’ব দূৰ: খাবলৈ বন্ধ কৰক এই ৫বিধ বগা বস্তু (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : 4 hours ago

বৰ্তমান সময়ত আমি যি ধৰণৰ জীৱনশৈলী অনুসৰণ কৰো তেনে পক্ষত স্বাস্থ্যসন্মত খাদ্য খোৱাৰ ৰুটিন দৈনিক বজাই ৰখাটো খুবেই এক ডাঙৰ কথা ৷ এনে পৰিস্থিতিত যিকোনো বস্তু খোৱাৰ আগতে স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে চিন্তা নকৰিলে আপুনি বিপদত পৰিব পাৰে ৷ সেয়ে আজি আমি আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে এনে ৫বিধ বগা খাদ্যৰ বিষয়ে ক’বলৈ ওলাইছো, যি খাবলৈ সোৱাদযুক্ত হ’ব পাৰে কিন্তু স্বাস্থ্যৰ পক্ষে কোনো বৰবিহততকৈ কম নহয়

বগা চেনি

শৰীৰৰ প্ৰদাহ, কেলৰি, লিপিড আৰু শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে চেনিয়ে ৷ ইয়াক অতিমাত্ৰা সেৱন কৰিলে ডায়েবেটিছৰ পৰা আৰম্ভ কৰি হৃদৰোগলৈকে জীৱন সংকটজনক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷

বগা পাও ৰুটি

বগা ৰুটি স্বাস্থ্যৰ বাবে সুৰক্ষিত নহয় ৷ ইয়াত আঁহৰ অভাৱ, যাৰ বাবে ই হজম শক্তিৰ বাবে খুবেই বেয়া ৷ ইয়াৰ উপৰিও ইয়াক খালে শৰ্কৰাও বৃদ্ধি পায় ৷

মৈদা

অত্যধিক মৈদা সেৱনে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ৷ কাৰণ মৈদাত অধিক পৰিমাণৰ ষ্টাৰচ থাকে যিয়ে মেদবহুলতা বৃদ্ধি কৰিব পাৰে ৷ মেদবহুলতা বৃদ্ধিৰ লগে লগে শৰীৰত বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও বৃদ্ধি পায় ৷ গতিকে যদি ইতিমধ্যে কলেষ্টেৰলৰ সমস্যা আছে তেন্তে মৈদা খোৱাৰ পৰা বিৰত থাকক ৷

বগা নিমখ

বগা নিমখ অত্যধিক পৰিমাণে সেৱন কৰিলে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে ৷ ইয়াৰ পৰিৱৰ্তে সাগৰীয় নিমখ বা হিমালয়ান নিমখ ব্যৱহাৰ কৰক, যি প্ৰাকৃতিক হোৱাৰ লগতে কেমিকেল ফ্ৰী ৷

উৎস-https://www.healthline.com/nutrition/white-foods

(অস্বীকাৰ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক:Weight Loss Spices: ক্ষীপ্ৰতাৰে ওজন হ্ৰাস কৰিবলৈ খাওক এইসমূহ মছলা

ABOUT THE AUTHOR

...view details