নেশ্যনেল ডেস্ক,২১ মাৰ্চ :আজি বিশ্ব কবিতা দিৱস । প্ৰতি বছৰে বিশ্বজুৰি ২১ মাৰ্চত এই দিৱস পালন কৰা হয় । কবিসকলক সন্মান জনোৱা, কবিতা আবৃত্তিৰ মৌখিক পৰম্পৰা পুনৰুজ্জীৱিত কৰা, কবিতা পঢ়া, লিখা আৰু শিকোৱাৰ প্ৰচাৰ কৰা, কবিতা আৰু অন্যান্য কলা যেনে থিয়েটাৰ, নৃত্য, সংগীত আৰু চিত্ৰকলাৰ মাজত একত্ৰীকৰণ বৃদ্ধি কৰা আৰু সংবাদ মাধ্যমত কবিতাৰ ব্যৱহাৰ বৃদ্ধি কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য ।
ইতিহাস
ইউনেস্কোৱে প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত পেৰিছত অনুষ্ঠিত ৩০ সংখ্যক সাধাৰণ সন্মিলনৰ সময়ত ২১ মাৰ্চক বিশ্ব কবিতা দিৱস হিচাপে গ্ৰহণ কৰিছিল । যাৰ উদ্দেশ্য আছিল কাব্যিক অভিব্যক্তিৰ জৰিয়তে ভাষিক বৈচিত্ৰ্যক সমৰ্থন কৰা আৰু বিপদাপন্ন ভাষাৰ সুযোগ বৃদ্ধি কৰা ।
২০২৪ চনৰ বিষয়বস্তু
বিশ্ব কবিতা দিৱস ২০১৪ৰ বিষয়বস্তু : 'ষ্টেণ্ডিং অন দ্যা ছ'লডাৰছ অফ জায়ান্টচ' । বিষয়বস্তুটোৱে অতীতৰ প্ৰতিষ্ঠিত লেখকসকলক স্মৰণ কৰিছে যাৰ ট্ৰেইলব্লেজিং কামবোৰে সংস্কৃতিত কবিতাৰ পদচিহ্ন বঢ়াই তুলিছিল । একে সময়তে যুৱ কবিসকলক আজি সেই ভেটিতে নতুনকৈ প্ৰতিষ্ঠা কৰাৰ বাবে উৎসাহিত কৰে ।
ভাৰতীয় কবিতা
সাধাৰণতে ভাৰতীয় কবিতা আৰু ভাৰতীয় সাহিত্যৰ বৈদিক সময়ৰ এক দীঘলীয়া ইতিহাস আছে । সেইবোৰ বৈদিক সংস্কৃত, ধ্ৰুপদী সংস্কৃত, প্ৰাচীন মেইটেই, আধুনিক মেইটেই, তেলেগু, তামিল, ওড়িয়া, মৈথিলী, কানাড়া, বঙালী, অসমীয়া, উৰ্দু আৰু হিন্দী আদি বিভিন্ন ভাৰতীয় ভাষাত লিখা হৈছিল ।