হানৈ (ভিয়েটনাম):ভিয়েটনামৰ হানয়ৰ কেফে আৰু কাৰাওকে বাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ১১ জন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয় বুলি আৰক্ষীৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে ভিয়েটনামৰ জননিৰাপত্তা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কৰ্মচাৰীৰ সৈতে বিবাদৰ পিছত এটা অট্টালিকাৰ তলৰ মহলাত অগ্নিকাণ্ড আৰম্ভ কৰা বুলি স্বীকাৰ কৰা এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।
উদ্ধাৰকাৰী দলে ৭ জন লোকক জীৱিত অৱস্থাত অট্টালিকাৰ পৰা উলিয়াই আনে আৰু ইয়াৰে দুজনক চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে জনায় । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে এটা বহুমহলীয়া অট্টালিকা জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে ৷ ইফালে অগ্নি নিৰ্বাপক বাহিনীয়ে দৰ্শকে ঘেৰি থকাৰ সময়তে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল ।
লাও ডং কাকতখনে এজন প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে কয়, "সেই সময়ত আমি বহুতে সহায় বিচাৰি চিঞৰি থকা দেখিছিলো যদিও ওচৰ চাপিব পৰা নাছিলো ৷ কাৰণ জুই অতি সোনকালে বিয়পি পৰিছিল আৰু জখলাৰেও আমি ওপৰলৈ উঠিব পৰা নাছিলো ।" দ্য টিয়েন ফং কাকতৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি সেই ঠাইতে পেট্ৰ’লৰ গোন্ধ ওলাইছিল । প্ৰত্যক্ষদৰ্শীয়ে কয়, "সকলোৱে ভিতৰত আৱদ্ধ লোকসকলক বাহিৰলৈ ওলাই আহিবলৈ চিঞৰিছিল ৷ কিন্তু কোনেও সহায় বিচৰা নাছিল ।"