অসম

assam

ETV Bharat / international

ময়েই আপোনালোকৰ 45 আৰু 47 সংখ্যক ৰাষ্ট্ৰপতি; আমেৰিকাবাসীক উদ্দেশ্যি ট্ৰাম্পৰ ভাষণ

Donald Trump: বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ড'নাল্ড ট্ৰাম্পে মেজিক নম্বৰ অতিক্ৰম কৰিছে আৰু নিশ্চিতভাৱে জয়লাভ কৰিছে ।

Donald Trump
নিশ্চিত বিজয়ৰ দিশে ড'নাল্ড ট্ৰাম্প (Reuters)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 2:05 PM IST

ৱাশ্বিংটন:ৰিপাব্লিকান প্ৰাৰ্থী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে পেনচিলভেনিয়া ৰাজ্যত জয় লাভ কৰিছে । য'ত তেওঁ ১৯ টা নিৰ্বাচনী ভোট লাভ কৰে । আন দুখন ৰাজ্য ক্ৰমে জৰ্জিয়া (১৬ টা ভোট) আৰু নৰ্থ কেৰোলিনাতো (১৬ টা ভোট)ত জয় লাভ কৰে ।

দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিব ট্ৰাম্প !

২০২০ চনৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি বাইডেনৰ হাতত পেনচিলভেনিয়া হেৰুওৱা ট্ৰাম্পে ৪ বছৰৰ অন্তত পুনৰ হোৱাইট হাউচলৈ উভতি অহাৰ অনুমান কৰা হৈছে । ফক্স নিউজৰ তথ্য অনুসৰি ইতিমধ্যে ট্ৰাম্পে ২৭৭ টা নিৰ্বাচনী ভোট লাভ কৰিছে । একেদৰে কমলা হেৰিছে ২২৬ টা ভোট লাভ কৰিছে । এগৰাকী প্ৰাৰ্থীক ৰাষ্ট্ৰপতি হিচাপে জয়ী হ'বলৈ ৫৩৮ টা ভোটৰ ভিতৰত প্ৰায় ২৭০ টা নিৰ্বাচনী ভোটৰ প্ৰয়োজন । ফলস্বৰূপে ট্ৰাম্পৰ বিজয় একপ্ৰকাৰ নিশ্চিত হৈছে !

চিবিএছ বাতৰি অনুসৰি ওহাইঅ' আৰু পশ্চিম ভাৰ্জিনিয়াত জয় লাভ কৰি ৰিপাব্লিকানসকলেও চিনেটৰ নিয়ন্ত্ৰণ ল'বলৈ সাজু হৈছে । আমেৰিকাৰ সংবাদ মাধ্যমে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতাত হোৱাইট হাউচলৈ ঘূৰি অহাৰ ভৱিষ্যতবাণী কৰাৰ পিছত ট্ৰাম্পে সমৰ্থকসকলক ৱেষ্ট পাম বীচ কনভেনচন চেণ্টাৰক সম্বোধন কৰিব বুলি আশা কৰা হৈছে ।

বয়সীয়াল ৰাষ্ট্ৰপতি

ইয়াৰ লগে লগে ৭৮ বছৰীয়া ট্ৰাম্প হোৱাইট হাউচলৈ নিৰ্বাচিত হোৱা আটাইতকৈ বয়সস্থ ৰাষ্ট্ৰপতি হ'ব । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি জ' বাইডেন ৭৭ বছৰ বয়সত নিৰ্বাচিত হৈছিল ।

মঙলবাৰে নিশা নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আমেৰিকাৰ বাতৰি প্ৰতিষ্ঠানসমূহে উত্তৰ কেৰোলিনা আৰু জৰ্জিয়াত তেওঁৰ ৰিপাব্লিকান প্ৰতিদ্বন্দ্বীৰ বিজয়ৰ অনুমান কৰাৰ পিছতো হেৰিছে বিজয়ৰ আশা এৰি দিয়া নাছিল । তেওঁ বিজয়ৰ দৌৰৰ পৰা বাহিৰ হোৱা নাই বুলি দাবী কৰিছিল । কেলিফৰ্ণিয়াৰ দৰে গণতান্ত্ৰিক দুৰ্গত জয়ৰো অনুমান কৰিছিল । অৱশ্যে ট্ৰাম্পে জৰ্জিয়াক ৰিপাব্লিকান পক্ষলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে ।

ক'ত ক'ত জয়ী হৈছে ৰিপাব্লিকান প্ৰাৰ্থী ?

ৰিপাব্লিকান প্ৰাৰ্থীগৰাকীয়ে টেক্সাছ, ওকলাহোমা, আৰ্কানচাছ, লুইচিয়ানা, মিছিছিপি, আলাবামা, আলাস্কা, জৰ্জিয়া, ফ্লৰিডা, দক্ষিণ কেৰোলিনা, নৰ্থ কেৰোলিনা, টেনেচি, কেনটাকি, ৱায়মিং, ওহাইও, ইণ্ডিয়ানা, মিছৌৰী, কানছাছ, আইৱা, নেব্ৰাস্কা, দক্ষিণ ডাকোটা, উত্তৰ ডাকোটা, পশ্চিম ভাৰ্জিনিয়া, মণ্টানা, আইডাহো আৰু উটাহত জয়ী হৈছে । দৈনিক দ্য হিল বাতৰিৰ এক বিশ্লেষণ অনুসৰি, ট্ৰাম্প হৈছে আমেৰিকাৰ ইতিহাসৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি যিয়ে নিৰ্বাচনত দুটা বিজয়ৰ মাজত এবাৰ পৰাজিত হৈছে ।

লগতে পঢ়ক :ইলেক্ট'ৰেল কলেজ কি; আমেৰিকা নিৰ্বাচনত ই কেনেদৰে কাম কৰে ?

ABOUT THE AUTHOR

...view details