কেলিফৰ্ণিয়া : ২০২৪ চনক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী । তাৰ মাজতে কেলিফৰ্ণিয়াত কেইবাজনৰো ভাগ্য উদয় হ'ল । নতুন বছৰৰ প্ৰাকক্ষণত ১.২২ বিলিয়ন ডলাৰৰ মেগা মিলিয়নছ জেকপট জয় কৰিলে কেইবাজনে । তিনিমাহ ধৰি লটাৰীত কোনো শীৰ্ষ পুৰস্কাৰ লাভ নকৰাৰ পিছত শুকুৰবাৰে নিশা আমেৰিকাৰ কেলিফৰ্ণিয়াত লটাৰীৰ বাবে আনুমানিক ১.২২ বিলিয়ন ডলাৰ (১০৪১৮০০৭০০০০০ টকা) মূল্যৰ টিকট বিক্ৰী কৰা হয় বুলি মেগা মিলিয়নছ ৱেবছাইটত প্ৰকাশ পাইছে ।
বিজয়ী টিকটটো কটনউডৰ চাৰ্কল কে (ছানশাইন ফুড আৰু গেছ) বিপণীখনত বিক্ৰী হৈছিল । যি চাক্ৰামেণ্টোৰ পৰা উত্তৰ দিশত ১৫০ মাইলত অৱস্থিত । এই টিকটটোৱে বগা বল ৩, ৭, ৩৭, ৪৯, ৫৫ আৰু সোণালী মেগা বল ৬ মিলিছে ।
মেগা মিলিয়ন জেকপট লাভ
বিপণীখনৰ মালিকৰ পুত্ৰ ইছাৰ গিলে কয় যে বিজয়ী টিকটটো প্ৰায় ৬,০০০ লোকৰ সৰু গ্ৰাম্য চহৰখনৰ বাবে আশীৰ্বাদ আছিল । বিজয়ী বা বিজয়ীসকলৰ পৰিচয় তাৎক্ষণিকভাৱে জনা হোৱা নাই ।
গিলে এছ'চিয়েটেড প্ৰেছক কয়, "কোনে জয়ী হৈছে বা কোনে বিক্ৰী কৰিছে তাৰ তথ্য আমাৰ হাতত নাই । কিন্তু বিজয়ীক অভিনন্দন । মেগা মিলিয়ন জেকপটৰ ধন কেৱল এজন বিজয়ীক বিতৰণ কৰা হ'ব যিয়ে ২৯ বছৰতকৈ অধিক পৰিশোধ কৰা এনুইটি বাছনি কৰে । প্ৰায় সকলো গ্ৰেণ্ড পুৰস্কাৰ বিজয়ীয়ে নগদ পৰিশোধ ল'ব বিচাৰে । এই পুৰস্কাৰৰ নগদ বিকল্পৰ পৰিমাণ আনুমানিক ৫৪৯.৭ মিলিয়ন ডলাৰ হৈছে ।
বিশাল পুৰস্কাৰৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে বহু লোকে টিকট ক্ৰয় কৰা অব্যাহত ৰাখিছিল । শুকুৰবাৰৰ আগলৈকে শেষবাৰৰ বাবে এগৰাকী মেগা মিলিয়ন খেলুৱৈয়ে শীৰ্ষ পুৰস্কাৰ লাভ কৰিছিল ১০ ছেপ্টেম্বৰত । ১.৬ বিলিয়ন ডলাৰ মূল্যৰ সৰ্ববৃহৎ মেগা মিলিয়ন জেকপট টিকটটো ২০২৩ চনৰ আগষ্টত ফ্লৰিডাত বিক্ৰী কৰা হৈছিল ।
মেগা মিলিয়নছ আৰু পাৱাৰবল টিকট ৪৫ খন ৰাজ্য, ৱাশ্বিংটন ডি.চি. আৰু আমেৰিকাৰ ভার্জিন দ্বীপসমূহত বিক্ৰী হয় আৰু পাৱাৰবল পুয়েৰ্তো ৰিকোতও বিক্ৰী হয় । ইয়াৰ লগে লগে মেগা মিলিয়ন টিকটৰ মূল্য এপ্ৰিলত ২ ডলাৰৰ পৰা ৫ ডলাৰলৈ বৃদ্ধি হ'বলৈ সাজু হৈছে । যাৰ উদ্দেশ্য হৈছে জেকপটৰ অডছ উন্নত কৰা আৰু বৃহত্তৰ পুৰস্কাৰ প্ৰদান কৰা ।
লগতে পঢ়ক :যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত; ১৮১ৰ ভিতৰত ১৭৯ জনৰে মৃত্যুৰ আশংকা - PLANE CRASHES IN SOUTH KOREA