লণ্ডন :শুকুৰবাৰে ব্ৰিটেইনৰ বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন পৰিক্ৰমা বিভাগৰ ৰাজ্যিক সচিব ডেভিদ লামিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডেভিদ লামিয়ে ভাৰত-ব্ৰিটেইনৰ অংশীদাৰিত্বৰ ভিত্তি স্থাপনত মনমোহন সিঙৰ অৱদানৰ ওপৰত আলোকপাত কৰে ।
"ড৹ মনমোহন সিঙৰ সাহসী অৰ্থনৈতিক সংস্কাৰে ভাৰতৰ অৰ্থনীতিক পৰিৱৰ্তন কৰিছিল । তেওঁৰ অৱদানে আধুনিক ভাৰতক গঢ় দিয়া অব্যাহত ৰাখিছে আৰু তেওঁৰ দৃষ্টিভংগীয়ে আজিৰ সমৃদ্ধ ব্ৰিটেইন-ভাৰত অংশীদাৰিত্বৰ ভিত্তি স্থাপন কৰিছে । তেওঁৰ পৰিয়াল আৰু ভাৰতীয় জনসাধাৰণৰ প্ৰতি মোৰ গভীৰ সমবেদনা ।" X-ৰ এটা পোষ্টত লামিয়ে কয় ।
উল্লেখ্য যে, ড৹ মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ বিশ্বৰ পৰা সমবেদনা জ্ঞাপন কৰা হৈছে । বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ এইমছত বাৰ্ধক্যজনিত স্বাস্থ্য অৱস্থাৰ বাবে ৯২ বছৰ বয়সত মনমোহন সিঙৰ মৃত্যু হয় । ঘৰত হঠাতে তেওঁ অচেতন হোৱাত তেওঁক ততাতৈয়াকৈ এইমছ দিল্লীলৈ লৈ যোৱা হয় । তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
মনমোহন সিঙৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত । এগৰাকী অৰ্থনীতিবিদ হোৱাৰ উপৰি মনমোহন সিঙে 1982 চনৰ পৰা 1985 চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ 2004-2014 চনলৈ ভাৰতৰ 13 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ইয়াৰ পূৰ্বে আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেনেও প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁক আমেৰিকা-ভাৰত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে অভিবাদন জনায় ।
ব্লিংকেনে ড৹ মনমোহন সিঙক তেওঁৰ নেতৃত্বৰ বাবে প্ৰশংসা কৰে আৰু কয় যে তেওঁ ভাৰতত অৰ্থনৈতিক সংস্কাৰ আগবঢ়োৱাত, আমেৰিকা-ভাৰত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । লগতে আমেৰিকা-ভাৰত অসামৰিক পাৰমাণৱিক সহযোগিতা চুক্তিকে ধৰি আমেৰিকা আৰু ভাৰতক একেলগে আনিবলৈ তেওঁৰ সমৰ্পণক সদায় মনত ৰাখিব ।
ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এগৰাকী উৎকৃষ্ট ৰাজনীতিবিদ হিচাপে উল্লেখ কৰি কয় যে তেওঁ ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু ইয়াৰ বিশ্বজনীন স্বাৰ্থত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল । জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবা আৰু বৈদেশিক মন্ত্ৰী তাকেশী ইৱায়াই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিকাশৰ বাবে "তেওঁৰ প্ৰচেষ্টা, যিয়ে ভেটি গঢ়ি তুলিছিল" বুলি স্মৰণ কৰে ।
আনহাতে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন আৰু নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । মেক্ৰ'নে কয় যে ভাৰতে এগৰাকী 'মহান ব্যক্তি' আৰু ফ্ৰান্সে এগৰাকী 'প্ৰকৃত বন্ধু' হেৰুৱাইছে । লগতে মনমোহন সিঙৰ পৰিয়াল আৰু ভাৰতৰ জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে ।