অসম

assam

ETV Bharat / international

মাস্ক আৰু জেলেনস্কিয়ে একেলগে ট্ৰাম্পক জনালে অভিনন্দন - TRUMP ZELENSKYY CALL

Trump Musk on Phone with Zelenskyy: ট্ৰাম্পক অভিনন্দন জনোৱাৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে মাস্কৰ সৈতেও কথা পাতিলে ।

Trump Musk on Phone with Zelenskyy
মাস্ক আৰু জেলেনস্কিয়ে একেলগে ট্ৰাম্পক জনালে অভিনন্দন (AP)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 1:30 PM IST

কিয়েভ :ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে একেলগে ড'নাল্ড ট্ৰাম্পক জনালে শুভেচ্ছা । ৰাষ্ট্ৰপতিক অভিনন্দন জনোৱাৰ সময়ত ফোনৰ একেটা লাইনতে আছিল দুয়োগৰাকী প্ৰভাৱশালী ব্যক্তি ।

ফোন কলটোৰ বিষয়ে নিশ্চিত তথ্য থকা ইউক্ৰেইনৰ এগৰাকী বিষয়াই এই কথা জনায় । লোকজনে নিশ্চিত কৰিছে যে ট্ৰাম্পৰ সৈতে কথা পতাৰ সময়ত জেলেনস্কি আৰু মাস্কেও ফোনত বাৰ্তালাপ কৰে । লোকজনে কয় যে ট্ৰাম্পক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ফোন কৰিছিল ।

তেতিয়া ট্ৰাম্পে কথা পতাৰ মাজতে ফোন কলটো মাস্কক দিছিল । তেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ষ্টাৰলিংক উপগ্ৰহ ইণ্টাৰনেট প্লেটফৰ্ম(Starlink satellite internet platform)ত তেওঁৰ দেশক সহায় কৰাৰ বাবে স্পেচএক্সৰ গৰাকীক ধন্যবাদ জনায় ।

ফোন কলটোত মাস্কৰ উপস্থিতিয়ে নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ চক্ৰত তেওঁৰ প্ৰভাৱ প্ৰদৰ্শন কৰে । ট্ৰাম্পে ভাবিছে যে মাস্কৰ তেওঁৰ প্ৰশাসনত এক আনুষ্ঠানিক ভূমিকা থাকিব পাৰে যি চৰকাৰী দক্ষতাৰ ওপৰত গুৰুত্ব দিয়ে ।

২০ জানুৱাৰীত ৰাষ্ট্ৰপতিপদ গ্ৰহণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে জেলেনস্কিৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । ৰাছিয়াৰ প্ৰায় ৩ বছৰ পুৰণি আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনৰ প্ৰতি ৱাশ্বিংটনৰ দৃঢ় সমৰ্থন সলনিৰ সংকেত দিয়া বুলিও বহুতে সন্দেহ কৰিছে ।

ইফালে ট্ৰাম্পে ক্ষিপ্ৰতাৰে যুদ্ধ সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু পৰামৰ্শ দিছে যে কিয়েভে শান্তিৰ বিনিময়ত মস্কোক কিছু অঞ্চল এৰি দিবলৈ সন্মত হ'ব লাগে । অৱশ্যে তেনে এক চৰ্ত জেলেনস্কিয়ে অস্বীকাৰ কৰিছে ।

ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাই প্ৰথমে ২০১৭ চনত ৰাছিয়াৰ বিৰুদ্ধে যুঁজত ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰিছিল । ২০২২ চনত ইউক্ৰেইনৰ সম্পূৰ্ণ আক্ৰমণ প্ৰতিহত কৰাৰ প্ৰাৰম্ভিক সামৰ্থ্যৰ বাবে সেই জেভেলিন এণ্টি-টেংক মিছাইলবোৰ গুৰুত্বপূৰ্ণ আছিল ।

ৰাষ্ট্ৰপতি জ' বাইডেনৰ প্ৰশাসনে ইউক্ৰেইনলৈ ১০ বিলিয়ন ডলাৰ সামৰিক আৰু অৰ্থনৈতিক সাহায্য প্ৰেৰণ কৰিছে । অৱশ্যে এনেদৰে বিদেশী সংঘৰ্ষত বৃহৎ পৰিমাণৰ ধন খৰচ কৰাৰ বাবে ট্ৰাম্প আৰু তেওঁ সহযোগীসকলে বাইডেন প্ৰশাসনক সমালোচনা কৰি আহিছে ।

ট্ৰাম্পে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ ভাল সম্পৰ্কক প্ৰচাৰ কৰিছে আৰু ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে ৰাছিয়াৰ নেতাজনক স্মাৰ্ট বুলিও অভিহিত কৰিছে । তেওঁ আমেৰিকাৰ সাহায্য লাভ কৰাৰ বাবে জেলেনস্কিক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিক্ৰেতা হিচাপে চিহ্নিত কৰিছিল ।

লগতে পঢ়ক :ট্ৰাম্পৰ প্ৰত্যাৱৰ্তন: এম এ জি এ নীতিয়ে সলনি কৰিব নেকি ভূ-ৰাজনীতি

ABOUT THE AUTHOR

...view details