ইণ্টাৰনেশ্যনেল ডেস্ক,১২ এপ্ৰিল : বিশ্ববাসী ঈদ-উল-ফিটৰক লৈ ব্যস্ত থকাৰ মাজতে পাকিস্তানত শোকাৱহ পথ দুৰ্ঘটনা । তীৰ্থযাত্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাৰ ফলত প্ৰায় ১৮ গৰাকী লোকৰ মৃত্যু হয় । জানিব পৰা মতে বেলুচিস্তানৰ খুজদাৰৰ শ্বাহ নুৰানী তীৰ্থস্থানলৈ যাত্ৰা কৰি আছিল ট্ৰাকখন । আনহাতে ঘটনাটোত ৫০ জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে । আহতসকলক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে এই দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰে । তেওঁৰ মতে আহতসকলৰ ৫ জনৰ অৱস্থা অতি সংকটজনক । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও এই দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে । আহতসকলৰ প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
ইফালে, সিন্ধৰ প্ৰাক্তন বিধায়ক জাম আৱাইছ জোখিওৱে দুৰ্ঘটনাটোক লৈ শোকপ্ৰকাশ কৰিছে । ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে তেওঁ চৰকাৰক আহ্বান জনাইছে । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ চালক কৰিম বক্সক আটক কৰা হৈছে ।