ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ মাৰ্চ :পৃথিৱীত এতিয়া পেংগুইন বিলুপ্তিৰ পথত । যাক লৈ প্ৰকৃতিপ্ৰেমীৰ মাজত হতাশা দেখা গৈছে । কিন্তু ইয়াৰ মাজতে এটা বিশেষ পেংগুইনৰ কাহিনীক লৈ ই টিভি ভাৰতৰ প্ৰতিবেদন । যিটো পেংগুইনে এণ্টাৰ্কটিকাত থকা ভাৰতৰ গৱেষণা কেন্দ্ৰলৈ আলহী হৈ আহিছিল । গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে কেনেদৰে আলহীৰ ৰূপত অহা পেংগুইনটোক আদৰণি জনাইছিল সেই কথা বিৱৰি ক'লে কেন্দ্ৰটোৰ এগৰাকী বিজ্ঞানীয়ে ।
মানুহ আৰু এটা অকলশৰীয়া পেংগুইনৰ মাজৰ বন্ধুত্বৰ কাহিনী ই টিভি ভাৰতৰ সন্মুখত ইছৰোৰ এগৰাকী প্ৰাক্তন বিজ্ঞানী ৰাধা কৃষ্ণ কাভুলুৰুৱে বৰ্ণনা কৰিছে । কাভুলুৰুৱে যেতিয়া এণ্টাৰ্কটিকাত থকা ভাৰতীয় গৱেষণা কেন্দ্ৰত কাম কৰিছিল তেতিয়া তেওঁ আকৰ্ষণীয় কাহিনীটোৰ সাক্ষী হৈছিল ।
প্ৰাক্তন বিজ্ঞানী ৰাধা কৃষ্ণ কাভুলুৰুৱে সেই সময়ত হঠাৎ বৰফত পেংগুইনৰ খোজ প্ৰত্যক্ষ কৰিছিল । কাভুলুৰু আৰু দলটোৱে প্ৰায় ১৪০০ মিটাৰলৈ সেই ছাপবোৰ অনুসৰণ কৰিছিল । তাৰ পিচত শিলবোৰৰ মাজত তেওঁলোকে এটা অপ্ৰত্যাশিত অতিথিৰ মুখামুখি হৈছিল । সেইটো আছিল এটা সৰু পেংগুইন ।
বৰ্তমান এৰোস্পেচ ফাৰ্মত অভিযন্তা হিচাপে কাম কৰি থকা কাভুলুৰু এই অপ্ৰত্যাশিত অতিথিক দেখি আচৰিত হৈ পৰিছিল । তেওঁৰ দলটোৱে পেংগুইনটোৰ নাম 'মাৰুতি' ৰাখিছিল, যাৰ অৰ্থ হৈছে পৱন পুত্ৰ বা বতাহৰ পুত্ৰ । কাভুলুৰুৱে দৃঢ়তাৰে কৈছিল যে বতাহে পেংগুইনটোক বৰফৰ মৰুভূমিলৈ লৈ গৈছিল । কাভুলুৰু আৰু এই পেংগুইনটোৰ মাজত এক পৃথক বন্ধুত্ব গঢ়ি উঠিছিল ।