অসম

assam

ETV Bharat / international

অভিশপ্ত নৱেম্বৰ : সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু ২৪৫ জনৰ, আহত ২৫৭ - PAKISTAN TERROR ATTACKS

পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণে ভয়ংকৰ ৰূপ লৈছে । বছৰটোৰ ১১ মাহত ৮৫৬ টা সন্ত্ৰাসবাদী আক্ৰমণ । ১০০০ৰো অধিক লোকৰ মৃত্যু ।

Pakistan
পাকিস্তানৰ বাবে অভিশপ্ত নৱেম্বৰ (ANI)

By ANI

Published : Dec 2, 2024, 7:16 AM IST

ইছলামাবাদ :যোৱা নৱেম্বৰ মাহ অতি ভয়ংকৰ আছিল পাকিস্তানৰ বাবে । কিয়নো এক প্ৰতিবেদন অনুসৰি এই মাহটোত পাকিস্তানত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । য'ত ২৪৫ গৰাকী লোক নিহত হৈছে । সন্ত্ৰাসবাদী আক্ৰমণত ৬৮ গৰাকী নিৰাপত্তা কৰ্মীও নিহত হৈছে ।

  • নৱেম্বৰ মাহত সৰ্বাধিক নিৰাপত্তা কৰ্মীৰ মৃত্যু

দেওবাৰে প্ৰকাশিত পাকিস্তান ইনষ্টিটিউট ফৰ কনফ্লিক্ট এণ্ড চিকিউৰিটি ষ্টাডিজৰ (পিআইএছএছ) এক প্ৰতিবেদনৰ উদ্ধৃতি দি ডনে কয় যে নৱেম্বৰত সমগ্ৰ পাকিস্তানত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ আৰু সংঘৰ্ষত হতাহতসকলৰ ভিতৰত আছিল ১২৭ টা সন্ত্ৰাসবাদী আৰু ৫০ গৰাকী সাধাৰণ লোক ।

আগষ্ট মাহৰ পিছত নৱেম্বৰ মাহটো বছৰটোৰ দ্বিতীয় আটাইতকৈ ভয়ংকৰ মাহ হিচাপে স্থান লাভ কৰিছে । কিয়নো আগষ্ট মাহত ৯২ গৰাকী সাধাৰণ লোক, ১০৮ টা সন্ত্ৰাসবাদী আৰু ৫৪ গৰাকী সুৰক্ষা কৰ্মীসহ ২৫৪ জন লোকৰ মৃত্যু হৈছিল । অৱশ্যে নিৰাপত্তা কৰ্মীৰ হতাহতৰ ক্ষেত্ৰত নৱেম্বৰ আটাইতকৈ ভয়ংকৰ মাহ হিচাপে পৰিগণিত হৈছে । অক্টোবৰত ৬২ গৰাকী সুৰক্ষা বাহিনীৰ জোৱানৰ মৃত্যু হৈছিল ।

  • ৭১ টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা

শেহতীয়া মাহটোত হোৱা সংঘৰ্ষ আৰু বোমা বিস্ফোৰণত ২৫৭ গৰাকী লোক আহত হয় । যাৰ ভিতৰত আছে ১০৪ গৰাকী সুৰক্ষা কৰ্মী আৰু ১১৯ গৰাকী সাধাৰণ লোক । শেহতীয়া মাহবোৰত পাকিস্তানত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে আৰু উক্ত তথ্যই সেই কথাকে প্ৰমাণ কৰিছে । নৱেম্বৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । ৭১ টা আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । একেদৰে অক্টোবৰত ৬৮ টা আছিল ।

  • প্ৰভাৱিত অঞ্চল

দেশখনৰ খাইবাৰ পাখতুনখোৱা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে বিবেচিত হৈছে । য'ত ৫০ টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ৭১ গৰাকী লোকৰ মৃত্যু হয় আৰু ৮৫ গৰাকী লোকে আঘাতপ্ৰাপ্ত হয় । ইছলামাবাদ থিংক টেংকৰ উদ্ধৃতি দি ডনে কয় যে কুৰম জিলাত ইতিহাসৰ আটাইতকৈ ভয়ংকৰ জনজাতীয় সংঘৰ্ষ সংঘটিত হৈছে, য'ত ১২০ জনৰো অধিক লোক নিহত হৈছে ।

তদুপৰি প্ৰতিবেদন অনুসৰি, বেলুচিস্তানত ২০ টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে য'ত ৬০ গৰাকী লোকৰ মৃত্যু হয় । তাৰ ভিতৰত আছিল ২৬ গৰাকী সুৰক্ষা কৰ্মী, ২৫ গৰাকী সাধাৰণ লোক আৰু ৯ টা সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদীৰ মৃত্যুৰ ফালৰ পৰা নৱেম্বৰ মাহ দ্বিতীয় স্থানত আছে । নৱেম্বৰত ১২৭ টা সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ১৪৮ টা সন্ত্ৰাসবাদী নিহত হৈছিল ।

  • নিৰাপত্তা বাহিনীৰ ক্ষতি

সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানী নিৰাপত্তা বাহিনীও বৃহৎ লোকচানৰ সন্মুখীন হৈছে । নৱেম্বৰত ৬৮ গৰাকী জোৱানৰ মৃত্যু হয় । ইফালে ২০২৩ চনৰ জানুৱাৰীৰ পিছত এই সংখ্যা সৰ্বাধিক । ২০২৩ৰ জানুৱাৰীত নিৰাপত্তা বাহিনীৰ ১১৪ গৰাকী সদস্যৰ মৃত্যু হৈছিল ।

প্ৰকাশিত তথ্য অনুসৰি ২০২৪ চনত সন্ত্ৰাসবাদী সম্পৰ্কীয় মৃত্যুৰ ঘটনাই ১,০০০ অতিক্ৰম কৰিছে, প্ৰথম ১১ মাহত ১,০৮২ ত উপনীত হৈছে । এই বছৰ এতিয়ালৈকে ৮৫৬ টা সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পোৱা গৈছে, ২০২৩ চনত ৬৪৫ টা আক্ৰমণৰ বিপৰীতে এই সংখ্যা অতি ভয়ংকৰ আৰু ই নিৰাপত্তাৰ অৱনতিৰ কথা প্ৰমাণ কৰিছে ।

লগতে পঢ়ক :নাইজেৰিয়াৰ নাও দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু; ১০০ৰো অধিক সন্ধানহীন

ABOUT THE AUTHOR

...view details