ইণ্টাৰনেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী:আফগানিস্তানৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড তুষাৰপাত ৷যোৱা তিনিদিনত দেশখনৰ কেইবাখনো প্ৰদেশত ব্যাপকভাৱে তুষাৰপাত হোৱাৰ ফলত 15 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 30 জন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হৈছে বুলি স্থানীয় সংবাদ পত্ৰত প্ৰকাশ ৷ ইয়াৰোপৰিও বালখ আৰু ফাৰিয়াব প্ৰদেশত হোৱা তুষাৰপাতে পশুধনৰ ওপৰত বিধ্বংসী প্ৰভাৱ পেলাইছে ৷ বৰ্তমান পৰ্যন্ত প্ৰায় দহ হাজাৰ জীৱ-জন্তুৰ মৃত্যু হৈছে ।
ছাৰ-ই-পুলৰ এগৰাকী বাসিন্দা আব্দুল কাদিৰে তুষাৰপাতে জনজীৱনত পেলোৱা প্ৰভাৱ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়, "তুষাৰপাত অব্যাহত আছে ৷ ইয়াৰ বাবে জনসাধাৰণে উদ্বিগ্নতাত ভুগিছে ৷ কাৰণ সকলোৰে পশুধনৰ ক্ষতি হৈছে ৷ বহু বাট-পথ বন্ধ হৈ পৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷"
আন এজন বাসিন্দা আমানুল্লাই বিশেষকৈ পথ বন্ধ আৰু ভোকাতুৰ পশুধনৰ দুৰ্দশাৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰী সাহায্যৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখ্য যে, এই প্ৰাকৃতিক সংকটৰ প্ৰতি সঁহাৰি জনাই আফগানিস্তানে বিশেষকৈ পশুধনৰ মালিকৰ ক্ষতিৰ সমাধানৰ বাবে বিভিন্ন মন্ত্ৰণালয়ক লৈ এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে । বালখ, জাউজজান, বদঘিছ, ফাৰিয়াব আৰু হেৰাট প্ৰদেশৰ পশুধনৰ মালিকসকলক সহায় কৰিবলৈ পঞ্চাশ নিযুত আফগানীক কৰ্তৃপক্ষই আবণ্টন দিছে ।