ছিউল (দক্ষিণ কোৰিয়া) : দেওবাৰে পুৱাই আহিছে এটা বেয়া খবৰ ৷ দক্ষিণ কোৰিয়াৰ জৰুৰীকালীন কাৰ্যালয় আৰু স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ এটা বিমানবন্দৰত ১৮১ জন লোক কঢ়িয়াই অনা এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ প্ৰথম অৱস্থাত ২৮ জন লোকৰ মৃত্যু বুলি নিশ্চিত কৰা হৈছিল যদিও শেহতীয়াকৈ মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে ৷ লগতে ১৮১জন যাত্ৰীৰ ভিতৰত ১৭৯ জনৰে মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে প্ৰকাশ কৰিছে বুলি য়নহাপ নিউজ এজেন্সীয়ে (Yonhap News Agency) উল্লেখ কৰিছে।
তথ্য মতে, কোনো কাৰিকৰীক বিজুটিৰ ফলত পুৱা ৯:০৭ বজাত জেজু এয়াৰৰ এখন বিমান (Jeju Air flight) অৱতৰণৰ সময়তে ৰাণৱেৰ পৰা আঁতৰি ছিউলৰ পৰা প্ৰায় ২৮৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত মুয়ান কাউন্টিৰ মুছান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বেৰত খুন্দা মাৰে । যাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷