গুৱাহাটী : আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সপোন দেখা মহানগৰীৰ এজন শিক্ষিত যুৱক । কেৱল সপোন দেখাই নহয় সেই সপোনক বাস্তৱায়িত কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে সমৰজ্যোতি বেজবৰুৱা নামৰ যুৱকজনে । কৃষকক উচিত মূল্য দি গ্ৰাহকক বিশুদ্ধ খাদ্য যোগান ধৰাৰ উদ্দেশ্যে তেওঁ ২০২১ চনতে আৰম্ভ কৰিছিল অপূৰ্ব এগ্রোটেক নামৰ প্ৰতিষ্ঠানটোৰ । অপূৰ্ব এগ্রোটেকৰ জৰিয়তে সমৰজ্যোতি বেজবৰুৱাই নিজৰ লগতে আন কেইবাটাও পৰিয়ালক সংস্থাপনৰ বাট মুকলি কৰি দিছে । এই লঘু উদ্যোগক জনমুখী কৰাৰ বাবে দিনে-নিশাই পৰিশ্রম অব্যাহত ৰাখিছে যুৱকে ।
কেনেদৰে আৰম্ভ হ'ল অপূৰ্ব এগ্রোটেকৰ ?
অপূৰ্ব এগ্রোটেক সম্পৰ্কে সমৰজ্যোতি বেজবৰুৱাই ইটিভি ভাৰতক কয়,"মোৰ আইতা অপূৰ্বলতা বেজবৰুৱাই শিৱসাগৰৰ চাৰিঙৰ পৰা ১৯৪৯ চনত গুৱাহাটীলৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্রহণ কৰিবলৈ আহিছিল । তেওঁ অসমৰ প্ৰথমগৰাকী আয়ুর্বেদিক চিকিৎসক আছিল । তেওঁৰ নামতেই এই লঘু উদ্যোগ ২০২১ চনত আৰম্ভ কৰিছিলো ।" যুৱ উদ্যোগীজনে লগতে কয়,"ইয়াৰ পূৰ্বে আন ক্ষেত্ৰ এখনৰ লগত জড়িত আছিলো । ক'ভিড মহামাৰীৰ পিছত ২০২১ চনত পৰিয়ালৰ সহায় সহযোগত ৪ লাখ টকাৰে ছয়গাঁৱত প্ৰথমে অপূৰ্ব এগ্রোটেক নামৰ লঘু উদ্যোগটো আৰম্ভ কৰিছিলো ।
প্ৰায় ৫০ বিধ সামগ্ৰী উপলব্ধ
সমৰজ্যোতি বেজবৰুৱাই কয়, "প্ৰথম অৱস্থাত আমি খাঁটি সৰিয়হৰ তেল বিক্ৰী কৰিছিলো । আমাৰ খাটি সৰিহৰ তেল 'সুস্বাদ' বিক্ৰী কৰি ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰাৰ পিছতে মহানগৰীৰ গীতানগৰত নিজৰ ঘৰতে দ্বিতীয়টো লঘু উদ্যোগত স্থাপন কৰো । আমি উন্নত মানৰ প্ৰযুক্তিৰ জৰিয়তে সৰিয়হৰ তেল প্রস্তুত কৰো । খাঁটি সৰিয়হৰ তেলৰ লগতে আমি উন্নত মানৰ নাৰিকল তেল, তিল তেল, বাদাম তেল, ভিন্ন প্ৰকাৰৰ চাউল, চাউলৰ গুড়ি, আটা, ৰাগি আটা, বাজৰা আটা, হালধি গুৰি, বিভিন্ন মছলাকে ধৰি এতিয়ালৈকে ৫০ বিধ খাদ্য সামগ্রী ক্রেতাক যোগান ধৰি আহিছো ।
ক'ৰ পৰা আমদানি কৰা হয় কেঁচা সামগ্ৰী ?
কেঁচা সামগ্ৰী সন্দৰ্ভত সমৰজ্যোতিয়ে কয়,"থলুৱা কৃষকসকলে যাতে সামগ্ৰীৰ উচিত মূল্য লাভ কৰে আৰু গুৱাহাটীৰ গ্ৰাহকেও যাতে বিশুদ্ধ খাদ্য খাব পাৰে তাৰেই লক্ষ্য আমাৰ । গুৱাহাটীৰ গীতানগৰত এটা কেন্দ্ৰ থকাৰ বিপৰীতে ছয়গাঁৱৰ চৌধুৰীপাৰাত আনটো কেন্দ্ৰ আছে । এই উদ্যোগ দুটাৰ পৰা মোৰ পৰিয়ালৰ লগতে আন কেইবাটাও পৰিয়াল প্ৰত্যক্ষভাৱে স্বাৱলম্বী হৈছে । আমি প্ৰায়বোৰ সামগ্ৰীয়ে অসমৰ গ্ৰামাঞ্চলৰ কৃষকৰ পৰা ক্ৰয় কৰি আনো । দুই এবিধ সামগ্ৰী হে বহিঃৰাজ্যৰ পৰা অনা হয় ।"
তেওঁ উল্লেখ কৰা মতে এনেধৰণৰ লঘু উদ্যোগ স্থাপন কৰি নিবনুৱাসকল স্বাৱলম্বী হ'ব পাৰে । যি সকলে এনেধৰণৰ লঘু উদ্যোগ স্থাপন কৰিব বিচাৰিছে তেওঁলোকে একেদিনাই বহুত উপাৰ্জন কৰিম বুলি ভাবিলে নহ'ব বুলিও তেওঁ কয় । তেওঁ কয়, "এইখন ক্ষেত্ৰলৈ আহিলে কষ্ট কৰিম বুলি আহিব লাগিব । এই ক্ষেত্ৰখনত কষ্ট কৰিলে ভাল লাভ এটা পোৱা যায় ।"