ETV Bharat / state

বছৰৰ প্ৰথমখন কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত - ASSAM CABINET KEY DECISIONS

২০২৫ বৰ্ষৰ পহিলা জানুৱাৰীত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ আজিৰ কেবিনেটত ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ASSAM CABINET KEY DECISIONS
বছৰৰ প্ৰথমখন কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 9:23 PM IST

গুৱাহাটী: ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনটোতে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত ৰাজ্যবাসীৰ সামগ্ৰিক কল্যাণ আৰু বিকাশৰ বাবে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য সিদ্ধান্তসমূহৰ ভিতৰত আছিল গ্ৰামোন্নয়ন আৰু যাতায়াত ব্যৱস্থাৰ বিকাশ, পাৰস্পৰিক বদলিকৰণৰ বাবে স্বাগত প'ৰ্টেল, প্ৰতিঘৰত বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিতকৰণ ।

‘স্বাগত সতীৰ্থ’ প'ৰ্টেল :

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰাজ্যিক কৰ্মচাৰীৰ মাজত সুশৃংখলিত পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়াৰ বাবে ‘স্বাগত সতীৰ্থ' প'ৰ্টেলৰ জৰিয়তে সম্পাদন কৰাত আজিত কেবিনেটে অনুমোদন জনায় ।

গ্ৰামোন্নয়ন আৰু যাতায়াত ব্যৱস্থাৰ বিকাশ :

গ্রাম্য যাতায়াত আৰু আন্তঃগাঁথনিৰ বিকাশৰ লক্ষ্যৰে ২১০.৮ কোটি টকা ব্যয়সাপেক্ষে ১২খন জিলাৰ লোকক লাভান্বিত কৰি ১০৪টা প্ৰকল্পত কেবিনেটে অনুমোদন জনায় ।

লগতে পঢ়ক: নৱবৰ্ষৰ উপহাৰ; গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প

বিশুদ্ধ খোৱাপানী নিশ্চিতকৰণ :

বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰাৰ হেতু নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰ, উত্তৰ লখিমপুৰক সামৰি চাৰিখন চহৰত পানী যোগান প্রকল্প সম্পাদনৰ বাবে ২০৭.৯২ কোটি টকাৰ অনুমোদন জনাই আজিৰ কেবিনেটে ।

জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন প্ৰক্ৰিয়া :

সুশৃংখল আৰু নাগৰিক অনুকূল কৰি তুলিবলৈ 'অসম জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) বিধি, ২০২৪'ত আজিৰ কেবিনেটে অনুমোদন জনায় ।

উল্লেখ্য যে,ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো পুৱাৰ পৰা সন্ধিয়ালৈ কেইবাটাও কাৰ্যসূচীলৈ ব্যস্ত হৈ থাকিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । বছৰৰ প্ৰথম দিনটোত মহানগৰীত বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্রীয়ে দিলে বহুকেইটা ভাল খবৰ ।

লগতে পঢ়ক: নতুন দিনৰ আলাপ : মুখ্যমন্ত্ৰীয়ে দিলে ২০২৪ৰ সফলতাৰ খতিয়ান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.