ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী:পাপুৱা নিউ গিনিত ভয়ংকৰ জাতিগত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । দেশখনৰ নৰ্ডান হাইলেণ্ডত সংঘটিত এই হিংসাত্মক ঘটনাত প্ৰায় ৬৪ গৰাকী লোক নিহত হৈছে । সূত্ৰৰ মতে দেওবাৰে পুৱা ইংগা প্ৰদেশৰ ৱাপেনামাণ্ডা জিলাত এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় । য'ত আম্বুলিন আৰু চিকিন জনজাতিৰ লগতে তেওঁলোকৰ নিজ নিজ মিত্ৰশক্তিৰ মাজত সংঘৰ্ষ হয় । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই হিংসাত্মক ঘটনাত একে-৪৭ আৰু এম-৪ ৰাইফলৰ দৰে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা হয় । যাৰ ফলত সোমবাৰে পুৱালৈকে ৱাপেনামাণ্ডাৰ পথৰ দাঁতিত আৰু পাহাৰত ৬৪ টা মৃতদেহ উদ্ধাৰ হয় ।
দেশখনৰ আৰক্ষী বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে এয়া অঞ্চলটোৰ এতিয়ালৈকে আটাইতকৈ ভয়ংকৰ হিংসাত্মক ঘটনা । তেওঁৰ মতে সম্ভৱত পাপুৱা নিউ গিনিৰ কোনো হাইলেণ্ডত এনে ঘটনা সংঘটিত হোৱা নাই । ইংগা প্ৰদেশত পূৰ্বেও একেটা জনজাতিৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল, য'ত প্ৰায় ৬০ গৰাকী লোকৰ মৃত্যু হৈছিল । ফলস্বৰূপে অঞ্চলটোত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে ।