ETV Bharat / international

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰে বৈদেশিক মন্ত্ৰী জয়শংকৰৰ কৰমৰ্দনৰ দৃশ্য বন্দী হ’ল কেমেৰাত

শুকুৰবাৰে এছচিঅ' সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আদৰণি জনায়।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰে বৈদেশিক মন্ত্ৰী জয়শংকৰৰ কৰমৰ্দনৰ দৃশ্য (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 অক্টোবৰ: মঙলবাৰে ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানত উপস্থিত হ’ল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷ বিদেশ মন্ত্ৰীগৰাকীক আদৰণি জনায় আয়োজক দেশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশ লৈছে জয়শংকৰে য'ত তেওঁ এছচিঅ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিব।

সন্মিলনৰ উপলক্ষ্যে পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বাসভৱনত এক নৈশ ভোজৰ আয়োজন কৰা হয় য'ত এছচিঅ' দেশসমূহৰ নেতা আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতেই সৌজন্য বিনিময় কৰে দুই প্ৰতিবেশী ৰাষ্ট্ৰৰ নেতা দুগৰাকীয়ে ৷ তেওঁলোকৰ মাজৰ কৰমৰ্দনৰ দৃশ্য বন্দী হয় কেমেৰাৰ লেন্সতো ৷ এই অভ্যৰ্থনা অনুষ্ঠানত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এছচিঅ'ৰ সকলো সদস্য দেশসমূহৰ প্ৰতিনিধিসকলক আদৰণি জনায়।

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বিমানখন আবেলি ৩.৩০ বজাত (স্থানীয় সময় অনুসৰি) পাকিস্তানৰ নুৰ খান সেনা ঘাটিত অৱতৰণ কৰে আৰু পাকিস্তানী উচ্চ বিষয়াসকলে তেওঁক আদৰণী জনায়।

দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ বিষয়ক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত থকা সম্পৰ্কৰ অৱনতি ঘটিছে। শেহতীয়াকৈ, ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই বিষয়টোকলৈ যথেষ্ট চুবুৰীয়া দেশখনক সমালোচনা কৰিছে। বৈদেশিক মন্ত্ৰী জয়শংকৰে নিজেই সেই মঞ্চৰ পৰা পাকিস্তানক আক্ৰমণ কৰিছিল। ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধিয়েও কেইবাটাও বক্তব্যৰ জৰিয়তে সন্ত্ৰাসবাদৰ সৈতে পাকিস্তানৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰিছে। এনে ঘটনাক্ৰমৰ মাজতেই ন বছৰৰ পিছত এজন ভাৰতীয় বৈদেশিক মন্ত্ৰীৰ এইটো প্ৰথম পাকিস্তান ভ্ৰমণ। ইয়াৰ পূৰ্বে পাকিস্তান ভ্ৰমণ কৰা অন্তিমগৰাকী বিদেশ মন্ত্ৰী আছিল সুষমা স্বৰাজ ৷

বুধবাৰে এছচিঅ'ৰ বৈঠকত ভাৰতৰ প্ৰতিনিধিদলক নেতৃত্ব দিব এছ জয়শংকৰে ৷ পাকিস্তানত উপস্থিত হৈ জয়শংকৰে এক্স-হেণ্ডেলত উল্লেখ কৰে, "মই এছচিঅ' পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ইছলামাবাদত উপস্থিত হৈছো।

ইয়াৰ পূৰ্বে মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ইছলামাবাদ ভ্ৰমণ কৰা সুষমা স্বৰাজে 2015 চনৰ 8-9 ডিচেম্বৰত আফগানিস্তানৰ ওপৰত 'হাৰ্ট অৱ এছিয়া' শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। সেই সময়ত বৈদেশিক সচিব হিচাপে জয়শংকৰ তদানীন্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ভ্ৰমণৰ সংগী হৈছিল ৷ ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলৰ মাজত হোৱা বৈঠকৰ পিছত এক যুটীয়া বিবৃতি জাৰি কৰা হয় য'ত দুয়োপক্ষই এক ব্যাপক দ্বিপাক্ষিক আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।

এইবাৰ অৱশ্যে পাকিস্তানৰ সৈতে কোনো পৃথক আলোচনা নহ'ব। এই কথা ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে স্পষ্ট কৰি কৈছে যে "মই অক্টোবৰৰ মাজভাগত এছচিঅ'ৰ সদস্য হিচাপে বৈঠকত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ গৈ আছো। এইটো এটা বহুপাক্ষিক অনুষ্ঠান। মই তালৈ ভাৰত-পাকিস্তান সম্পৰ্কক লৈ আলোচনা কৰিবলৈ যোৱা নাই। মই মূলত এছচিঅ'ৰ এজন সদস্য হিচাপে সভাত উপস্থিত থাকিবলৈ গৈ আছো," তেওঁ কয়।

লগতে পঢ়ক: সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ বাবে কৰ্মফল ভুগিছে পাকিস্তানে: এছ জয়শংকৰ - S Jaishankar warns Pakistan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.