গুৱাহাটী: এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য । এ পি এছ চিৰ স্থায়ী অধ্যক্ষ পাতিবলৈ এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াই ৰাকেশ পালক সাক্ষাৎ কৰাই দিছিল তৰুণ গগৈৰ সৈতে ।
২০১৩ চনত তৰুণ গগৈক প্ৰথম সাক্ষাৎ কৰিছিল ৰাকেশ পালে । তাৰ পাছত ৰাকেশ পালে প্ৰায়ে উপহাৰসহ সাক্ষাৎ কৰিছিল তৰুণ গগৈক । পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এ পি এছ চিৰ স্থায়ী অধ্যক্ষ পাতিছিল ৰাকেশ পালক ।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ৰাকেশ পালে গৌৰৱ গগৈৰ বিয়াত উপহাৰ দিছিল সোণৰ অলংকাৰ । সোণৰ চেইন, আঙুঠি আৰু ব্ৰেছলেট উপহাৰ দিছিল গৌৰৱ গগৈক । ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পিছতে তৰুণ গগৈ আৰু ৰাকেশ পালৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ।
ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি তৰুণ গগৈক দুৰ্নীতিৰ চৰ্দাৰ আৰু ৰাকেশ পাল দুৰ্নীতিৰ কামাণ্ডাৰ ইন চীফ বুলি তেওঁ অভিহিত কৰে । লগতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ সীমা চেৰাই কংগ্ৰেছৰ দিনত ভয়ংকৰ জালিয়াতি হৈছিল । কংগ্ৰেছ মানেই দুৰ্নীতি । তৰুণ গগৈ আছিল দুৰ্নীতিৰ চৰ্দাৰ । ৰাকেশ পাল দুৰ্নীতিৰ কামাণ্ডাৰ ইন চীফ । বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত নাম উল্লেখ থকা সংশ্লিষ্টসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ আৰু শক্তিশালী তদন্ত কৰিবলৈ অসম চৰকাৰলৈ আমি আহ্বান জনাইছো ।"
তেওঁ লগতে কয়, "সকলো লোককে তদন্তৰ আওতালৈ আনিব লাগে । প্ৰয়োজন হলে SIT গঠন কৰিব লাগে । কংগ্ৰেছৰ নেতাসকলৰ অমায়িক চেহেৰাৰ অন্তৰালত থকা ভয়ংকৰ মুখখন প্ৰকাশিত হ'ল । মেধাসম্পন্ন, গুণসম্পন্ন যুৱক-যুৱতীক ব্যৱস্থাৰ প্ৰতি আস্থাহীন কৰি তুলিছিল । সকলোৱে হতাশাত ভুগিছিল ।"
লগতে সাংসদগৰাকীয়ে কয়, "কংগ্ৰেছৰ এই পাপৰ প্ৰায়চিত্ত যুৱ প্ৰজন্মই বিচাৰিব । কংগ্ৰেছ দলে সকলো বিষয় সামৰি শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে । ২০১২ চনৰ টেট পৰীক্ষা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৈছিল বাবে সেয়া স্বচ্ছ আছিল ।"
ইফালে এই কেলেংকাৰীত কিছু বিজেপি নেতাৰ নাম সাঙোৰ খোৱা প্ৰসংগত তেওঁ কয়, "দলৰ মজিয়াত সকলো কথা আলোচনা কৰা হ'ব । যদি প্ৰমাণিত হয় বিজেপি দলৰ লোকৰ বিৰুদ্ধেও তদন্ত কৰি দলৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা কৰা হ'ব ।" তাৰোপৰি অখিল গগৈয়ে প্ৰতিবেদনখনত হিমন্ত বিশ্ব শৰ্মাৰ নাম নথকা বুলি কৰা আক্ষেপৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই কয়, "যদিহে অখিল গগৈৰ মতে প্ৰতিবেদনখন আধৰুৱা তেন্তে অখিল গগৈৰ নেতৃত্বত প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিছিল ।"