ইণ্টাৰনেশ্যনেল ডেস্ক, 1 মে’:অন্ত পৰা নাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ৷ইউক্ৰেইনৰ কৃষ্ণ সাগৰৰ বন্দৰ চহৰ অডেছাত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ফলত কমেও পাঁচজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে 30 জনতকৈও অধিক লোক আহত হোৱাৰ কথা ইউক্ৰেইন কৰ্তৃপক্ষই নিশ্চিত কৰিছে বুলি চিএনএনে প্ৰকাশ কৰিছে ।
ইউক্ৰেইনৰ প্ৰচিকিউটৰ জেনেৰেলে প্ৰকাশ কৰা এটা ভিডিঅ’ ফুটেজত সেই আক্ৰমণৰ মুহূৰ্তটো বন্দী কৰা হৈছে যেতিয়া সাগৰৰ পাৰৰ সমীপত দ্ৰুতগতিত একেৰাহে অসংখ্য বোমা বিস্ফোৰণ ঘটি বিশৃংখলতা আৰু ধ্বংসলীলাৰ সৃষ্টি হৈছিল ।
এই আক্ৰমণে ধ্বংস কৰা প্ৰতিষ্ঠানবোৰৰ ভিতৰত অন্যতম আছিল আইক’নিক স্কটিছ স্থাপত্য শৈলীৰ সৈতে আকৰ্ষণীয় সাদৃশ্যৰ থকাৰ বাবে জনাজাত "হেৰী পটাৰ দুৰ্গ" বুলি কোৱা এক শিক্ষানুষ্ঠান । বিভাগীয় কৰ্তৃপক্ষই প্ৰচাৰ কৰা ছবিবোৰত এসময়ৰ শঙ্কু আকৃতিৰ টাৱাৰ আৰু চালখন জুইৰ শিখাই আগুৰি ধৰা দেখা গৈছে ।
ইউক্ৰেইন কৰ্তৃপক্ষৰ মতে, ক্লাষ্টাৰ মিউনিয়নৰ সমান্তৰালভাৱে ইস্কাণ্ডাৰ বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰি এই নৃশংস আক্ৰমণ চলোৱা হৈছে । প্ৰচিকিউটৰ জেনেৰেল এণ্ড্ৰি কষ্টিনে বহল পৰিসৰত বিয়পি থকা ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ আৰু ধাতুৰ টুকুৰা উদ্ধাৰ হোৱাৰ কথা প্ৰকাশ কৰে, যিয়ে আক্ৰমণৰ ভয়াৱহতাৰ ইংগিত দিয়ে ।