নিউজ ডেস্ক, ২৫ জুলাই :পেলেষ্টাইনপন্থী প্ৰতিবাদকাৰীয়ে বুধবাৰে আমেৰিকান কংগ্ৰেছৰ পৰা কেইটামান ব্লক দূৰৈত এখন আমেৰিকান পতাকা নমাই জ্বলাই দিয়ে । আনহাতে, আমেৰিকান পতাকাৰ ঠাইত এখন পেলেষ্টাইনী পতাকা উত্তোলন কৰে । ঘটনাটো আমেৰিকান কংগ্ৰেছৰ ওচৰৰ ইউনিয়ন ষ্টেচনৰ সন্মুখত সংঘটিত হয় । সেই সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকান কংগ্ৰেছৰ যুটীয়া অধিবেশনত ভাষণ দি আছিল ।
কেইবাশ প্ৰতিবাদকাৰীয়ে মধ্যপ্ৰাচ্যত আমেৰিকাৰ নীতি আৰু গাজা আৰু পেলেষ্টাইনৰ কিছু অংশত ইজৰাইলী বাহিনীৰ দ্বাৰা নিৰীহ নাগৰিকৰ ওপৰত বোমা বিস্ফোৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ।
ইফালে এই ঘটনাত স্থানীয় আৰক্ষীয়ে ছয়জন লোকক গ্ৰেপ্তাৰ কৰে । অনলাইন প্লেটফৰ্মত পোষ্ট কৰা ভিডিঅ'বোৰত দেখা গৈছে যে প্ৰতিবাদকাৰীসকলে হামাছপন্থী আৰু ইজৰাইল-বিৰোধী শ্লোগান দি আছে । তেওঁলোকে ব্যস্ত ইউনিয়ন ষ্টেচনৰ সন্মুখত আমেৰিকাৰ এখন বিশাল পতাকা নমাই জ্বলাই দি তাৰ ঠাইত এখন সৰু পেলেষ্টাইনৰ পতাকা উত্তোলন কৰে ।
আনহাতে, নেতান্যাহুৱে কংগ্ৰেছক সম্বোধন কৰাৰ লগে লগে চহৰখনৰ কেইবাটাও ঠাইত প্ৰতিবাদ সাব্যস্ত কৰা হয় । বহু প্ৰতিবাদকাৰীয়ে তেওঁ থকা হোটেলৰ বাহিৰতো তেওঁৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা যায় । ইফালে আন কেইবাজনো প্ৰতিবাদকাৰীক চহৰখনৰ কিছুমান ঐতিহাসিক স্মাৰক বিকৃত কৰা আৰু দেৱাল আৰু মূৰ্তিৰ ওপৰত হামাছ লিখা দেখা যায় ।