অসম

assam

By ANI

Published : 4 hours ago

ETV Bharat / international

নিউয়ৰ্কত জেলেনস্কি-মোদীৰ বৈঠক; কি কি বিষয়ত হৈছিল আলোচনা ? - Modi Zelenskyy meeting

President Zelenskyy thanked PM Modi: চলিত বছৰতে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি দ্বিপাক্ষিক বৈঠকত মিলিত হয় । নিউয়ৰ্ক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে । যুদ্ধবিৰতিত সন্মত দুয়োপক্ষ ।

Modi Zelenskyy meeting
নিউয়ৰ্কত জেলেনস্কি-মোদীৰ বৈঠক; কি কি বিষয়ত হৈছিল আলোচনা (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । ইউক্ৰেইনত চলি থকা সংঘৰ্ষ আৰু শান্তি পুনৰ স্থাপনৰ ক্ষেত্ৰত যুদ্ধবিৰতিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এই বৈঠকত আলোচনা হয় । প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ সন্দৰ্ভত বৈদেশিক সচিবৰ বিশেষ সংবাদমেলত বিক্ৰম মিছৰীয়ে কয় যে জেলেনস্কিয়ে এই বিষয়সমূহৰ প্ৰতি ভাৰতৰ মনোযোগৰ লগতে প্ৰধানমন্ত্ৰীৰ শেহতীয়া ইউক্ৰেইন ভ্ৰমণক প্ৰশংসা কৰি 'শান্তি আৰু এই সংঘাতৰ পৰা ওলাই অহাৰ পথ বিচাৰি উলিওৱাৰ উপায়' বিচাৰিছে ।

মোদী-জেলেনস্কিৰ বৈঠক

মিছৰীয়ে কয়,"সম্ভৱতঃ তিনি মাহৰ ব্যৱধানত দুয়োগৰাকী নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল ৷ দ্বিপাক্ষিক বিষয়ৰ লগতে ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ বিষয়সমূহো এই বৈঠকত আলোচনা কৰা হৈছে । ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই বিষয়বোৰৰ প্ৰতি ভাৰতৰ মনোযোগৰ যথেষ্ট প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰীৰ ইউক্ৰেইন ভ্ৰমণক যথেষ্ট প্ৰশংসাও কৰে ।"

মিছৰীয়ে লগতে কয়, "দুয়োপক্ষই প্ৰশংসা কৰে যে দ্বিপাক্ষিক সম্পৰ্কত বহুতো বিষয়ত ইতিবাচক দিশ আছে আৰু তেওঁলোকে প্ৰত্যক্ষভাৱে বা আন বিভিন্ন পৰ্যায়ত ভ্ৰমণ বিনিময়ৰ জৰিয়তে ঘনিষ্ঠ সম্পৰ্কত থাকিবলৈ সন্মত হৈছে ।"

যুদ্ধবিৰতিত সন্মতি

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকৰ বাবে ইউক্ৰেইনৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছিল বুলিও মিছিৰীয়ে অৱগত কৰে । ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বিষয়টোও আলোচনা কৰা হৈছে নেকি বুলি সোধাত মিছৰীয়ে কয় যে বিষয়টো আলোচনা কৰা হোৱা নাই । প্ৰধানমন্ত্ৰী মোদীয়ে নিশ্চিত কৰে যে তেওঁ সদায় শান্তিৰ প্ৰস্তাৱ দি শান্তিৰ পথত আগবাঢ়ি যোৱাৰ কথা কৈ আহিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে কথা পাতিছে আৰু সকলোৱে মত প্ৰকাশ কৰিছে যে যিকোনো প্ৰকাৰে যুদ্ধবিৰতি কৰিব লাগিব আৰু এই ক্ষেত্ৰত প্ৰচেষ্টা চলি আছে ।

মিছৰীয়ে কয় যে ইউক্ৰেইন ভ্ৰমণৰ পিচৰে পৰা প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে যোগাযোগ ৰাখিছে । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও শেহতীয়াকৈ ৰাছিয়া ভ্ৰমণ কৰিছে । তেওঁ কয়, "এক প্ৰকাৰে ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে এইটো কোৱাৰ সুযোগ পাইছিল যে তেওঁ সদায় শান্তিৰ প্ৰস্তাৱ দি শান্তিৰ পথত আগবাঢ়ি যোৱাৰ কথা কৈ আহিছে, সেয়েহে এয়া স্পষ্ট যে যদি শান্তি নাথাকে, তেন্তে এক প্ৰকাৰে বহনক্ষম উন্নয়নো হ'ব নোৱাৰে । যুদ্ধ সমাপ্ত হ'ব নে নাই, কেৱল সময়হে ক'ব, কিন্তু সকলোৰে প্ৰচেষ্টা যিকোনো প্ৰকাৰে যুদ্ধৰ সমাপ্তি বিচাৰি উলিওৱাত কেন্দ্ৰীভূত ।"

প্ৰধানমন্ত্ৰীৰ আশ্বাস

মিছিৰীয়ে কয়, "ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে তেওঁক এইটোও আশ্বাস দিছে যে তেওঁ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে কথা পাতিছে আৰু এই বিষয়ত আলোচনা চলি আছে আৰু সকলোৰে মতামত হৈছে যে যিকোনো প্ৰকাৰে আমি যুদ্ধবিৰতিৰ পথ বিচাৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাও অব্যাহত আছে ।" বিক্ৰম মিছৰীয়ে মহাত্মা গান্ধীৰ উদ্ধৃতি দি কয়, "শান্তিৰ কোনো পথ নাই; শান্তিয়েই হৈছে পথ।" মিছৰীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু জেলেনস্কিৰ বৈঠক সন্দৰ্ভত কয় যে দুয়োপক্ষই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বহুতো বিষয়ত ইতিবাচক দিশৰ প্ৰশংসা কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্সৰ এটা পোষ্টত জেলেনস্কিৰ সৈতে হোৱা বৈঠকৰ কথা উল্লেখ কৰি কয়,"নিউয়ৰ্কত ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰিছো । দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ যোৱা মাহত মোৰ ইউক্ৰেইন ভ্ৰমণৰ ফলাফল ৰূপায়ণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ইউক্ৰেইনত সংঘৰ্ষৰ আগতীয়া সমাধান আৰু শান্তি আৰু স্থিৰতা পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে ।"

একেদৰে জেলেনস্কিয়ে এক্সৰ পোষ্টত লিখিছে, "ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এইবছৰ ইতিমধ্যে এয়া তৃতীয় দ্বিপাক্ষিক বৈঠক । আমি সক্ৰিয়ভাৱে আমাৰ সম্পৰ্ক বিকশিত কৰি আছো আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি আছো । আমাৰ বাৰ্তালাপৰ মুখ্য গুৰুত্ব আছিল আন্তঃৰাষ্ট্ৰীয় মঞ্চ, বিশেষকৈ ৰাষ্ট্ৰসংঘ আৰু জি-২০ত আমাৰ আলোচনা বৃদ্ধি কৰা, লগতে শান্তি সূত্ৰ ৰূপায়ণ কৰা আৰু দ্বিতীয় শান্তি সন্মিলনৰ বাবে প্ৰস্তুতি কৰা । আমি উপলব্ধ সুযোগবোৰৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা কৰিছিলো । আমাৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ স্পষ্ট সমৰ্থনৰ বাবে মই কৃতজ্ঞ ।"

লগতে পঢ়ক :আমেৰিকাত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বিশেষ বৈঠক - Quad Summit 2024

ABOUT THE AUTHOR

...view details