কুৱেইট :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত উপস্থিত হয় । এই ভ্ৰমণৰ সময়তে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান 'দ্য অৰ্ডাৰ অফ মুবাৰক আল কাবিৰ' প্ৰদান কৰা হয় । কুৱেইটৰ আমিৰ শ্বেখ মেশ্বাল আল-আহমদ আল-জাবেৰ আল চাবাহে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে । 'অৰ্ডাৰ অফ মুবাৰক আল কাবিৰ' ৰাষ্ট্ৰপ্ৰধান, বিদেশী সাৰ্বভৌম আৰু বিদেশী ৰাজপৰিয়ালৰ সদস্যসকলক প্ৰদান কৰা হয় ।
কুৱেইটৰ আমিৰৰ সৈতে দ্বিপাক্ষিক বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটত মেশ্বাল আল-আহমদ আল-জাবেৰ আল চাবাহৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰধানমন্ত্ৰী মোদী আৰু কুৱেইটৰ আমিৰৰ মাজত হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁলোকৰ বৈঠকত ভাৰত-কুৱেইট দ্বিপাক্ষিক সম্পৰ্কক নতুন দিশলৈ লৈ যোৱাৰ উপায় অন্বেষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এক্সৰ এটা পোষ্টত জয়ছোৱালে লিখিছে, "এক গুৰুত্বপূৰ্ণ পদক্ষেপ: ভাৰত-কুৱেইট সম্পৰ্ক 'কৌশলগত অংশীদাৰিত্ব'লৈ উন্নীত ! প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ বায়ান পেলেচত কুৱেইটৰ আমিৰক সাক্ষাৎ কৰে ।"
পোষ্টটোত লগতে কোৱা হৈছে যে কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমিৰক কৃতজ্ঞতা জ্ঞাপন কৰে ।"