নিউজ ডেস্ক, ১০ জুলাই :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায় । তেওঁ আন্তঃগাঁথনি, শক্তি, উদীয়মান প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ।
উল্লেখ্য, দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচী সামৰি অষ্ট্ৰিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । মঙলবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ সাক্ষাতৰ পিচতে মোদীয়ে মস্কোৰ পৰা গৈ অষ্ট্ৰিয়াত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে ৪০ বছৰতকৈও অধিক সময়ৰ মূৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথম ভ্ৰমণ ।
প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাইমাৰে অষ্ট্ৰিয়াৰ হফবাৰ্গ পেলেচত এক ঘূৰণীয়া ব্যৱসায়িক মেজমেলত প্ৰখ্যাত অষ্ট্ৰিয়ান আৰু ভাৰতীয় কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক যুটীয়াভাৱে সম্বোধন কৰে ।